ETV Bharat / bharat

গুজৰাটৰ ক'ভিড হাস্পতালৰ অগ্নিকাণ্ডত ১৬ গৰাকী ৰোগীৰ মৃত্যু

author img

By

Published : May 1, 2021, 7:22 PM IST

গুজৰাটৰ ভাৰুচৰ এখন চিকিৎসালয়ত জুই লগাৰ ফলত প্ৰায় ১৬ গৰাকীকৈ কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় । ৱেল ফেয়াৰ হাস্পতালখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ক'ভিড ৱাৰ্ডত থকা ৫০ গৰাকী ৰোগীক স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

FIRE AT COVID HOSPITAL IN GUJRAT
গুজৰাটৰ ক'ভিড হাস্পতালত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক,১ মে': দেশত মহামাৰীয়ে সংহাৰীৰূপ ধাৰণ কৰিছে । লগে লগে প্ৰায়সমূহ হাস্পতাল এতিয়া ক'ভিড আক্ৰান্ত ৰোগীৰে ভৰি পৰিছে । কিন্তু ইয়াৰ মাজতে শনিবাৰে পুৱতি নিশা গুজৰাটত এক শোকাৱহ ঘটনা সংঘটিত হ'ল । ৰাজ্যখনৰ ভাৰুচৰ এখন চিকিৎসালয়ত জুই লগাৰ ফলত প্ৰায় ১৬ গৰাকীকৈ কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ।

জানিব পৰা মতে, ৱেলফেয়াৰ হাস্পতালখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ক'ভিড ৱাৰ্ডত থকা ৫০ গৰাকী ৰোগীক স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । হাস্পতালখন ৰাজধানী চহৰ আহমেদাবাদৰ পৰা প্ৰায় ১৯০ কিল’মিটাৰ দূৰৈত ভাৰুচ-জাম্বুচাৰ ঘাইপথত অৱস্থিত আৰু ই এক ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত হৈ আছে । এগৰাকী বিষয়াই জনোৱা মতে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

এগৰাকী অগ্নি নিৰ্বাপক বিষয়াই জনোৱা মতে এঘণ্টাৰ ভিতৰত জুই নিয়ন্ত্ৰণ কৰা হৈছিল আৰু প্ৰায় ৫০ গৰাকী ৰোগীক স্থানীয় লোকৰ লগতে অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰিছিল । তেওঁ লগতে কয় যে তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক: কেৰালাৰ এগজিট প'ল:পুনৰ চৰকাৰ হ'ব এলডিএফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.