ETV Bharat / bharat

মাত্ৰ 21 বছৰ বয়সতে কেৰালাৰ গাঁও পঞ্চায়তৰ সভাপতিঃ পিছে কোন এই যুৱতী ?

author img

By

Published : Jan 3, 2021, 4:39 PM IST

যুৱতী গৰাকীৰ সাফল্যত এতিয়া উৎফুল্লিত হৈছে তেওঁ নিৰ্বাচিত হোৱা পঞ্চায়তটোৰ অধীনৰ ৰাইজ ৷ গাঁও পঞ্চায়তৰ সৰ্বকালৰ কনিষ্ঠতম সভাপতি হিচাপে পৰিগণিত হৈছে ৰেশমা মেৰিয়াম ৰয় নামৰ যুৱতী গৰাকী ৷

assumes-office-as-the-youngest-grama-panchayath-president-in-kerala
মাত্ৰ 21 বছৰ সয়সতে কেৰালাৰ গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিতঃ কোন এইগৰাকী যুৱতী ?

নিউজ ডেস্ক,3 জানুৱাৰী: মাত্ৰ 21 বছৰ সয়সতে গাঁও পঞ্চায়তৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত নিৰ্বাচিত হৈছে কেৰালাৰ পথনমথিতা জিলাৰ এগৰাকী যুৱতী ৷ শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেৰালাৰ পঞ্চায়ত নিৰ্বাচনত গাঁও পঞ্চায়তৰ সৰ্বকালৰ কনিষ্ঠতম সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰেশমা মেৰিয়াম ৰয় নামৰ যুৱতী গৰাকী ৷ পথনমথিতা জিলাৰ আৰোভাপ্পুলম গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদন্দিতা আগবঢ়াইছিল যুৱতী গৰাকীয়ে ৷ 2020 বৰ্ষৰ 18 নৱেম্বৰত 21 বছৰত ভৰি দিয়া যুৱতী গৰাকীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে উক্ত পঞ্চায়তটোৰ অন্তৰ্গত ৰাইজ ৷ নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি গৰাকীয়ে উন্নয়নৰ জোৱাৰ আনিব বুলি আশাবাদী আৰোভাপ্পুলম গাঁৱবাসী ৷

উল্লেখ্য যে, কেৰালাৰ পথনমথিতা জিলাৰ ভি এন এচ মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিষয়ত স্নাতক ছাত্ৰী গৰাকী বহু কেইটা ছাত্ৰ সংগঠনৰ লগত পোনপটীয়াকৈ জড়িত হৈ আছিল ৷ SFI, DYFI আৰু CPIM দলৰ লগত পোটপটীয়া ভাৱে জড়িত আছিল ৰেশমা মেৰিয়াম ৰয় ৷ উল্লেখ্য যুৱতী গৰাকীৰ পিতৃ কাঠৰ ব্যৱসায়ী হোৱাৰ লগতে মাতৃ চেইন্ট ষ্টিফেন কলেজৰ কৰ্মচাৰী ৷

লগতে পঢ়কঃ আন এক নতুন বিতৰ্কত ৫ ভাৰতীয় ক্ৰিকেটাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.