ETV Bharat / bharat

৩ ৰাজ্যত শোচনীয় প্ৰদৰ্শন; ৰাইজৰ সিদ্ধান্তক আন্তৰিকতাৰে গ্ৰহণ ৰাহুলৰ - Telangana election results 2023

হিন্দীবলয়ত দলৰ শোচনীয় প্ৰদৰ্শনৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰাইজৰ সিদ্ধান্তক আদৰণি জনাইছে দুয়োগৰাকী নেতাই । দলৰ ওপৰত বিশ্বাস দেখুওৱাৰ বাবে তেলেংগানাবাসীক ধন্যবাদ জ্ঞাপন ।

Rahul Gandhi on Congress losses
ৰাইজৰ সিদ্ধান্তক আন্তৰিকতাৰে গ্ৰহণ ৰাহুল গান্ধীৰ
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:46 PM IST

নেশ্যনেল ডেস্ক,৩ ডিচেম্বৰ : ৪ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগণনা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা নাই যদিও ইতিমধ্যে বিজেপিয়ে তিনিখন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজয় নিশ্চিত কৰিছে । কংগ্ৰেছেও তেলেংগানাত বিজয়ৰ দিশে আগবাঢ়িছে । ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে এক্সৰ জৰিয়তে ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । হিন্দীবলয় ৰাজ্যত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ পাছত তেওঁ জনসাধাৰণৰ সিদ্ধান্তক গ্ৰহণ কৰিছে ।

  • मध्य प्रदेश, छत्तीसगढ़ और राजस्थान का जनादेश हम विनम्रतापूर्वक स्वीकार करते हैं - विचारधारा की लड़ाई जारी रहेगी।

    तेलंगाना के लोगों को मेरा बहुत धन्यवाद - प्रजालु तेलंगाना बनाने का वादा हम ज़रूर पूरा करेंगे।

    सभी कार्यकर्ताओं को उनकी मेहनत और समर्थन के लिए दिल से शुक्रिया।

    — Rahul Gandhi (@RahulGandhi) December 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ এক্সৰ পোষ্টত কয় যে কংগ্ৰেছে বিনম্ৰতাৰে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ ৰাইজৰ সিদ্ধান্তক গ্ৰহণ কৰিছে । অৱশ্যে আদৰ্শৰ যুঁজ অব্যাহত থাকিব বুলিও তেওঁ উল্লেখ কৰিছে । ইফালে তেলেংগানাবাসীৰ প্ৰতি অত্যন্ত কৃতজ্ঞ ৰাহুল গান্ধী । কংগ্ৰেছে নিশ্চিতভাৱে প্ৰজালু তেলেংগানা নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি তেওঁ দাবী কৰিছে । সকলো কৰ্মীক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্থনৰ বাবে আন্তৰিক ধন্যবাদো জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে ।

  • तेलंगाना की जनता ने इतिहास रचते हुए कांग्रेस पार्टी के पक्ष में जनादेश दिया है। यह प्रजाला तेलंगाना की जीत है। यह प्रदेश की जनता और कांग्रेस पार्टी के एक-एक कार्यकर्ता की जीत है।

    तेलंगाना की जनता को तह-ए-दिल से धन्यवाद।कांग्रेस पार्टी तेलंगाना में शांति, समृद्धि और प्रगति के…

    — Priyanka Gandhi Vadra (@priyankagandhi) December 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজস্থান আৰু ছত্তীশগড়ক কংগ্ৰেছে হেৰুৱাইছে আৰু বিজেপিয়ে মধ্যপ্ৰদেশত ক্ষমতা বজাই ৰাখিবলৈ সক্ষম হৈছে । ইফালে তেলেংগানাত বিআৰএছ শাসনৰ অন্ত পৰিল আৰু কংগ্ৰেছৰ দীৰ্ঘদিনীয়া আশা পূৰণ হ'ল ।

এক্সৰ এটা পোষ্টত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও তেলেংগানাত কংগ্ৰেছৰ বিজয়ক প্ৰশংসা কৰে । তেওঁ কয় যে তেলেংগানাৰ ৰাইজে ইতিহাস সৃষ্টি কৰিছে আৰু কংগ্ৰেছ দলৰ পক্ষত জনাদেশ দিছে । তেওঁৰ মতে এয়া ৰাজ্যখনৰ জনসাধাৰণ আৰু কংগ্ৰেছ দলৰ প্ৰতিগৰাকী কৰ্মীৰ বিজয় । কংগ্ৰেছ দল তেলেংগানাত শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলিও প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :তিনি ৰাজ্যত পৰাজয় অভাৱনীয়; লোকসভা নিৰ্বাচনত শক্তিশালী প্ৰতিদ্বন্দিতাৰ আশা খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.