ETV Bharat / bharat

কি হ’ব 4 ৰাজ্যৰ ফলাফল?

সদ্য সমাপ্ত 4 খন ৰাজ্যৰ ভোট গণনা আজি অনুষ্ঠিত হ’ব ৷ ইয়াকে কেন্দ্ৰ কৰি গ্ৰহণ কৰা হৈছে বিশেষ নিৰাপত্তা ব্যৱস্থা ৷ লোকসভা নিৰ্বাচনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা এই বিধানসভাৰ নিৰ্বাচনত কেইবাখনো ৰাজ্য কংগ্ৰেছে দখল কৰিব বুলি এগজিট প’লে দেখুওৱাৰ লগতে আন কেবাখনত দেখুওৱা হৈছে বিজেপি অথবা আন দলবোৰৰ আধিপত্য ৷ খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্য মিজোৰামত দেওবাৰৰ দিনটোৰ বিশেষ তাৎপৰ্য থকাৰ বাবে ভোট গণনা সোমবাৰলৈ পিছুৱাই দিয়া হৈছে ৷

author img

By ANI

Published : Dec 3, 2023, 7:21 AM IST

Updated : Dec 3, 2023, 8:01 AM IST

Assembly elections 2023
কি হ’ব 4 ৰাজ্যৰ ফলাফল

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: সদ্য সমাপ্ত 4 খন ৰাজ্যৰ ভোট গণনা অনুষ্ঠিত হ’ব দেওবাৰে ৷ দেওবাৰে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে চাৰিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব ।

অৱশ্যে যোৱা মাহত 5 খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও মিজোৰামৰ ভোটগণনা 4 নৱেম্বৰ অৰ্থাৎ সোমবাৰলৈ পিছুৱাই দিয়া হৈছে বুলি নিৰ্বাচন আয়োগে জনায় । আন 4 খন ৰাজ্যৰ ভোটগণনা দেওবাৰৰ পুৱা 8 বজাৰ পৰা নিৰ্দিষ্ট কেন্দ্ৰসমূহত আৰম্ভ হ’ব ।

দেওবাৰে মধ্যপ্ৰদেশৰ 230 খন, ছত্তীশগড়ৰ 90 খন, তেলেংগানাৰ 119 খন আৰু ৰাজস্থানৰ 199 খন আসনৰ বাবে ভোট গণনা কৰা হ’ব । অৱশ্যে কংগ্ৰেছ প্ৰাৰ্থী এগৰাকীৰ মৃত্যুৰ পিছত ৰাজস্থানৰ এখন আসনৰ বাবে ভোটগ্ৰহণ পূৰ্বতে পিছুৱাই দিয়া হৈছিল ।

ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া ৰীনা বাবা চাহেব কংগলে শনিবাৰে সাংবাদিকৰ আগত কয়," ছত্তীশগড়ত ভোটগণনাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ হৈছে আৰু 90 টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে এই উদ্দেশ্যে পৰ্যাপ্ত সংখ্যক বিষয়াক নিযুক্তি দিয়া হৈছে ।

কাংগলে লগতে কয় যে, " 90 টা বিধানসভা সমষ্টিতে পুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব । গণনা প্ৰক্ৰিয়াৰ বাবে আমি 90 জন ৰিটাৰ্ণিং বিষয়া, 416 জন সহকাৰী ৰিটাৰ্ণিং বিষয়া, 4596 জন গণনা কৰ্মী আৰু 1698 জন সূক্ষ্ম পৰ্যবেক্ষকক নিযুক্তি দিছো ।"

ইফালে, শনিবাৰে ANI ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজস্থানৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰবীণ গুপ্তাই ভোটগণনা যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

গুপ্তাই ANI ক কয় "গণনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু নিৰ্দিষ্ট কেন্দ্ৰসমূহত বিষয়াসকল উপস্থিত হৈছে । সকলো প্ৰয়োজনীয় প্ৰস্তুতি সম্পন্ন কৰা হৈছে । ৰাজ্যৰ সকলো গণনা কেন্দ্ৰতে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । দেওবাৰৰ পুৱা 8 বজাৰ পৰা 199 টা বিধানসভা সমষ্টিৰ বাবে গণনা আৰম্ভ হ'ব । ষ্ট্ৰং ৰুম খোলাৰ পিছত প্ৰায় 5 লাখ সংখ্যাৰ ডাক বেলট প্ৰথমে গণনা কৰা হ'ব । গণনা প্ৰক্ৰিয়াৰ বাবে মুঠ 1121 জন সহকাৰী ৰিটাৰ্ণিং বিষয়াক (এ আৰ অ’) নিযুক্তি দিয়া হৈছে ।"

চুবুৰীয়া ৰাষ্ট্ৰ মধ্যপ্ৰদেশতো পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য’ত 236 খন বিধানসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ’ব । গণনা কেন্দ্ৰসমূহত নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত ANI ৰ সৈতে হোৱা কথা-বতৰাত ভূপালৰ আৰক্ষী আয়ুক্ত হৰিনাৰায়ণ চাৰি মিশ্ৰই কয়, "দেওবাৰে ভোট গণনাৰ বাবে পৰ্যাপ্ত আৰক্ষী জোৱান নিয়োগ কৰা হৈছে । দলসমূহে গণনা কেন্দ্ৰসমূহৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক মজুত কৰিব ।"

ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ওপৰত চকু ৰাখিবলৈ আৰু ষ্ট্ৰং ৰুমৰ পৰা গণনা কেন্দ্ৰলৈ লৈ যোৱাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানকো নিয়োগ কৰা হৈছে বুলি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জনাইছে আৰু লগতে কয় যে গণনা কেন্দ্ৰৰ বাহিৰতো প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ পূৰ্বে 30 নৱেম্বৰ, বৃহস্পতিবাৰে তেলেংগানাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিচত সম্প্ৰচাৰিত হোৱা এগজিট প’লে পাঁচখন ৰাজ্যৰ বাবে বিভিন্ন সংখ্যা উত্থাপন কৰি মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপিৰ সম্ভাৱনা দেখুওৱাৰ লগতে তেলেংগানা আৰু ছত্তীশগড় কংগ্ৰেছৰ দখলত থকাৰ ইংগিত দিয়ে ।

ইয়াৰ উপৰিও সমীক্ষাকাৰীৰ মতে মিজোৰামৰ শাসন পুনৰ লাভ কৰিব শাসকীয় MNF দলে । তেলেংগানা কংগ্ৰেছৰ দখললৈ যাব বুলি এগজিট প’লে প্ৰকাশ কৰিলেও ৰাজস্থানত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি এগজিট পলে দেখুৱাইছে । এটা এগজিট-প’ল প্ৰজেকচন অনুসৰি মধ্যপ্ৰদেশতো কংগ্ৰেছ আগবাঢ়ি থাকিব ।

যদি কংগ্ৰেছে ছত্তীশগড়ৰ লগতে ৰাজস্থানক ধৰি ৰাখিব পাৰে আৰু তেলেংগানাৰ পৰা শাসকীয় BRS ক উৎখাত কৰিব পাৰে তেন্তে সেয়া লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ বাবে হ’ব এক বৃহৎ মনোবল বৃদ্ধি । এগজিট প’লত ভৱিষ্যদ্বাণী কৰা হৈছিল যে কংগ্ৰেছে তেলেংগানাত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে আৰু ৰাজ্যখনত দহ বছৰীয়া শাসনৰ পিছত শাসকীয় ভাৰত ৰাষ্ট্ৰ সমিতি সংখ্যাগৰিষ্ঠতা লাভ নকৰিব ।

প্ৰায়বোৰ এগজিট প’লত ভৱিষ্যদ্বাণী কৰা হৈছিল যে বিগত 20 বছৰৰ ভিতৰত প্ৰায় 18 বছৰ ৰাজ্যত শাসন কৰা বিজেপিয়ে বিপুল সংখ্যাগৰিষ্ঠতাৰে আৰু এটা কাৰ্যকালৰ বাবে সাজু হৈছে । এটা এগজিট প’লে কংগ্ৰেছ দলক ইংগিত দিছিল আৰু আন এটাই ভৱিষ্যদ্বাণী কৰিছিল যে দুয়োটা দলৰে সম্ভাৱনা আছে ।

এগজিট প’লৰ ভৱিষ্যদ্বাণীত দেখা গ’ল যে 3 ডিচেম্বৰত ফলাফল ঘোষণা হ’লে সৰু দল আৰু নিৰ্দলীয়কে ধৰি “অন্য”সকলে চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । 25 নৱেম্বৰত 200 খন বিধানসভাৰ আসনৰ ভিতৰত 199 খন আসনত ৰাজস্থানে নিৰ্বাচনত অৱতীৰ্ণ হয় । ছত্তীশগড়ত এগজিট প’লে কংগ্ৰেছ দলে শাসন দখল কৰাৰ ইংগিত প্ৰদান কৰে ৷

লোকসভা নিৰ্বাচনৰ কেইবামাহো পূৰ্বে অনুষ্ঠিত হোৱা এই নিৰ্বাচন বিজেপি আৰু কংগ্ৰেছ দলৰ বাবে বিভিন্ন কাৰণত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক: চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সবিশেষ

Last Updated : Dec 3, 2023, 8:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.