ETV Bharat / bharat

Gunfight in Manipur : ইম্ফল ইষ্টত গুলীচালনা; আহত অসম ৰাইফলছৰ জোৱান - মণিপুৰত এই হিংসাত্মক ঘটনাৰ প্ৰকৃত কাৰণ কি

অশান্ত মণিপুৰত আকৌ অঘটন ৷ মণিপুৰৰ ইম্ফল ইষ্ট জিলাত দুৰ্বৃত্তই অসম ৰাইফলছলৈ কৰে গুলীবৰ্ষণ (Gunfight in Manipur) ৷ দুৰ্বৃত্তৰ গুলীত আহত হয় অসম ৰাইফলছৰ এজন জোৱান (Assam Rifles jawan injured in gunfight in Manipur) ৷

Gunfight in Manipur
হিংসা জৰ্জৰিত মণিপুৰ
author img

By

Published : May 11, 2023, 11:06 PM IST

তেজপুৰ, ১১ মে’ : হিংসা জৰ্জৰিত মণিপুৰৰ ইম্ফল ইষ্ট জিলাৰ দুলাহাবিত অচিনাক্ত দুৰ্বৃত্তই অসম ৰাইফলছৰ কনভয়লৈ সোমবাৰে কৰে গুলীচালনা ৷ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰা হৈছে (Assam Rifles jawan injured in gunfight in Manipur)।

সোমবাৰে অসম ৰাইফলছৰ এটা বাহিনীয়ে তহলদাৰী পহৰা দি থকা অৱস্থাত অচিনাক্ত লোকে ধাৰাসাৰ গুলীবৰ্ষণ কৰে ৷ ফলত অসম ৰাইফলছৰ এজন জোৱান গুৰুতৰভাৱে আহত হয় (Assam Rifles jawan injured as miscreants fire at Imphal)। পৰৱৰ্তী সময়ত জোৱানজনক সেনাৰ চিতা হেলিকপ্তাৰৰ সহায়ত সেনাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

Gunfight in Manipur
হিংসা জৰ্জৰিত মণিপুৰ

ইফালে মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি কিছু পৰিমাণে শান্ত হোৱা বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৷ অৱশ্যে বৰ্তমানো ঠায়ে ঠায়ে উত্তেজনা অব্যাহত আছে । বহু ঠাইত এতিয়াও শিবিৰতে বাহৰ পাতি আছে বহুলোক ৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে প্ৰথমবাৰৰ বাবে ভুক্তভোগীয়ে আশ্ৰয় লোৱা শিবিৰত পৰিদৰ্শন কৰি জনসাধাৰণক আশ্বাস প্ৰদান কৰিছে । আনহাতে, মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে বুধবাৰে মণিপুৰ ভ্ৰমণ কৰি ইম্ফলৰ সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰাৰ লগতে শিবিৰত বাস কৰি থকা লোকসকলৰ সৈতে বাৰ্তালাপো কৰে ।

Assam Rifles jawan injured in gunfight in Manipur
অশান্ত মণিপুৰত আকৌ অঘটন

উল্লেখ্য যে, ৩ মে’ত চুৰাচান্দপুৰত সংঘটিত হোৱা অবাঞ্চিত হিংসাত্মক সংঘৰ্ষৰ ফলত ইতিমধ্যে মণিপুৰৰ কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷ আনকি বহু লোক আঘাতপ্ৰাপ্তও হৈছে ৷ লগতে হাজাৰ হাজাৰ লোকৰ গৃহহীন হোৱাৰ পিচত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাহায্য শিবিৰ মুকলি কৰা হয় ।

মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, এই সংঘৰ্ষত মুঠ ৬০ জন লোকৰ মৃত্যু হৈছে আৰু ২৩১ জন লোক আহত হয় । আনহাতে, সেনা অসম ৰাইফলছ আৰু সুৰক্ষা বাহিনীয়ে ২৩,০০০ অধিক লোকক হিংসা জৰ্জৰিত স্থানৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰিছে ।

Gunfight in Manipur
মণিপুৰৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন

ৰাজ্যপালে প্ৰথমবাৰৰ বাবে খুমান লম্পক ক্ৰীড়া কমপ্লেক্সৰ সাহায্য শিবিৰটো পৰিদৰ্শন কৰে ৷ য’ত তেওঁ মূলতঃ ম'ৰেহ আৰু চুৰাচান্দপুৰ জিলাৰ পৰাগৃহহীন লোকসকলৰ সৈতে সাক্ষাৎ কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে সোধ-পোচ কৰে । তেওঁ নিজে ভুক্তভোগীসকলৰ সৈতে কথা পাতি ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে চৰকাৰে দিনে-নিশাই কাম কৰি আছে বুলি আশ্বাস প্ৰদান কৰে ৷

মণিপুৰত এই হিংসাত্মক ঘটনাৰ প্ৰকৃত কাৰণ কি ?

মণিপুৰত মূলতঃ ৩ টা প্ৰধান জনগোষ্ঠী আছে - মেইটেই, নগা আৰু কুঁকি । মেইটেই বেছিভাগেই হিন্দু, আনহাতে নাগা আৰু কুঁকিসকলে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে । বৰ্তমান মণিপুৰত চলি থকা এই হিংসা হিন্দু মেইটেইৰ বিৰুদ্ধে খ্ৰীষ্টান নগা আৰু কুঁকিৰ ।

পৰিসংখ্যা অনুসৰি ১৯৪৯ চনত মণিপুৰত মেইটেই জনসংখ্যা আছিল ৬৪% । অৰ্থাৎ ধৰ্মীয় জনসংখ্যা : হিন্দু ৫০%, খ্ৰীষ্টান ৩৫-৪০% ৷ যিহেতু অনুসূচীত জনগোষ্ঠী অৰ্থাৎ ST ৰ অধীনত কোনো জনগোষ্ঠীক ঘোষণা কৰাৰ বাবে ধৰ্মৰ কোনো নিৰ্দিষ্টতা নাই ৷ গতিকে অনুসূচিত জনজাতি শিতানত সংৰক্ষণ বিচাৰি মণিপুৰৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মেইটেই জনগোষ্ঠীয়ে ।

ফলস্বৰূপে মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইৰ সপক্ষে ৰায়দান কৰে আৰু ইয়াৰ পিচত ট্ৰাইবেল ছাত্ৰ সংগঠনে আন্দোলনত নামি পৰে ৷ এই আন্দোলন ৩ মে’ৰ নিশাৰ পৰা অগ্নিগৰ্ভা ৰূপ ধাৰণ কৰে । মুঠ ১৫৪ টা সেনাৰ পৃথক পৃথক গোটে ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰে । কেন্দ্ৰীয় চৰকাৰে সংবিধাননৰ ৩৫৫ অনুচ্ছেদ ৪ মে’ৰ নিশাৰ পৰা প্ৰৱৰ্তন কৰে ।

লগতে পঢ়ক : Manipur Violence: মণিপুৰত হিংসাৰ দাবানল; 55 টা সেনাৰ গোট মোতায়েন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.