আইজল, 24 ডিচেম্বৰ : পবিত্ৰ বৰদিনৰ মাজতে অসম ৰাইফলছৰ আইজলস্থিত 46 বেটালিয়নে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী ৷ সেই অনুসৰি, বৰদিনৰ উচাহ পৰ্বৰ সৈতে সংযুক্ত হ'বলৈ স্থানীয় অনাথ আশ্ৰম তথা অন্যান্য় পুনৰ সংস্থাপন গৃহত উপস্থিত হয় বাহিনীটো ৷
অনাথ আশ্ৰমত থকা শিশু তথা অন্যান্যসকলৰ সৈতে একেলগে বৰদিনৰ আনন্দ-উৎসৱ পালনত ব্ৰতী হয় অসম ৰাইফলছ ৷ কোভিড-19ৰ ভয়াৱহতাৰ মাজতেই অসম ৰাইফলছে নিজৰ অসামৰিক কাৰ্যনীতিৰ অধীনত স্থানীয় অনাথ আশ্ৰমসমূহ পৰিভ্ৰমণ কৰে ৷ ইয়াৰ লগতেই অনাথ আশ্ৰমত বাস কৰা শিশু তথা লোকসকলৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে অসম ৰাইফলছৰ 46 বেটালিয়নে ৷
পাহাৰী লোকৰ বন্ধু নীতিৰে পৰিচিত অসম ৰাইফলছৰ 46 বেটালিয়নৰ কামাণ্ডেন্টৰ লগতে চাৰিগৰাকীকৈ বিষয়াই টাংটাই বেঠাল কেম্পিং চেন্টাৰ আৰু অপাৰেশ্বন কিংদম মিনিষ্ট্ৰি ডি এডিকশ্বন চেন্টাৰ, মাদাৰলেছ বেবিছ হোম, মানগাইনা ইন এণ্ড গ্ৰেছ হোম পৰিদৰ্শন কৰে ৷ এইকেইটা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰকেইটাত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বৰদিনৰ কেক বিতৰণ কৰে ৷
লগতে পঢ়ক : দিব্যাংগসকলক হুইলচেয়াৰ আৰু শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰিলে অসম ৰাইফলছে