ETV Bharat / bharat

NSCN Cadre apprehended: ৩ দিনত অৰুণাচলত গ্ৰেপ্তাৰ NSCN-K(YA)ৰ ৮ সদস্য

author img

By

Published : Apr 20, 2023, 10:45 AM IST

অৰুণাচল প্ৰদেশত অসম ৰাইফলছৰ বিশেষ অভিযান । অভিযানত NSCN K(YA)ৰ কেইবাজনো কেডাৰ আৰু অভাৰগ্ৰাউণ্ড কৰ্মী গ্ৰেপ্তাৰ (NSCN cadre arrested)। ১৬ এপ্ৰিলত টিৰাপ জিলাত দুজন অভাৰগ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ । ১৭ এপ্ৰিলত চাংলাং জিলাত এনএছচিএন কে(ৱাইএ)ৰ ৫ জন কেডাৰক গ্ৰেপ্তাৰ । ১৮ এপ্ৰিলত আন এজন সক্ৰিয় কেডাৰ গ্ৰেপ্তাৰ ।

Assam Rifles apprehend NSCN insurgent
৩ দিনত অৰুণাচলত গ্ৰেপ্তাৰ NSCN K YAৰ ৮ সদস্য

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল : উত্তৰ-পূৱৰ অন্যতম বিদ্ৰোহী সংগঠন নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড চমুকৈ এনএছচিএনৰ বিৰুদ্ধে অসম ৰাইফলছৰ সফল অভিযান । অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত চলিছে এই অভিযান । ১৬ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা NSCN K(YA)ৰ কেইবাজনো কেডাৰ আৰু অভাৰগ্ৰাউণ্ড কৰ্মীক অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Assam Rifles operation against NSCN)।

তেনে এক অভিযানৰ মাজতে অসম ৰাইফলছে অৰুণাচলত গ্ৰেপ্তাৰ কৰে NSCN K(YA)ৰ এজন সক্ৰিয় সদস্যক । যোৱা ১৮ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ লংখাও গাঁৱত অসম ৰাইফলছে অৰুণাচল আৰক্ষীৰ সহযোগত বিদ্ৰোহী সংগঠনটোৰ সদস্যজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (NSCN active insurgent arrested)।

নিৰ্দিষ্ট খবৰৰ ভিত্তিত মঙলবাৰে অৰুণাচল আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান আৰম্ভ কৰিছিল অসম ৰাইফলছে । চৰকাৰী বিজ্ঞপ্তি অনুসৰি অভিযানকাৰী দলটোৱে অঞ্চলটো ঘেৰাও কৰিছিল আৰু অনুসন্ধান চলাইছিল । যাৰ ফলত এনএছচিএন কে(ৱাইএ)ৰ সন্দেহযুক্ত সক্ৰিয় সদস্যজন অসম ৰাইফলছৰ জালত পৰে । পৰৱৰ্তী সময়ত বিদ্ৰোহী সংগঠনটোৰ সদস্যজনক স্থানীয় আৰক্ষীক গতাই দিয়া হয় ।

ইফালে ১৭ এপ্ৰিলত অসম ৰাইফলছে অৰুণাচল আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত চাংলাং জিলাত এনএছচিএন কে(ৱাইএ)ৰ ৫ জন কেডাৰক গ্ৰেপ্তাৰ কৰে (NSCN 5 cadre arrested)। অ'ফিচিয়েল টুইটাৰত শ্বেয়াৰ কৰা খবৰ অনুসৰি অসম ৰাইফলছে চাংলাং জিলাৰ জুডুম জুদা-২ত অভিযান চলাই বিদ্ৰোহী কেইজনক গ্ৰেপ্তাৰ কৰে ।

ইয়াৰ পূৰ্বে আন এক অভিযানত ১৬ এপ্ৰিলত টিৰাপ জিলাত অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে এনএছচিএন-কে(ৱাইএ)ৰ দুজন অভাৰগ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল । টিৰাপ জিলাৰ খানু গাঁৱত চলা অভিযান গ্ৰেপ্তাৰ হয় অভাৰগ্ৰাউণ্ড কৰ্মীকেইজন । অসম ৰাইফলছে উল্লেখ কৰিছে যে নিৰ্দিষ্ট ইনপুটৰ ওপৰত ভিত্তি কৰি অঞ্চলটোত অনুসন্ধান চলোৱা হৈছিল (OGWs of NSCN K arrested)।

প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে প্ৰথমে অঞ্চলটো ঘেৰাও কৰা হৈছিল । তাৰ পাচত অভিযানকাৰী দলটোৱে তালাচী চলায় । তালাচীৰ মাজতে বিদ্ৰোহী সংগঠনৰ সৈতে জড়িত দুয়োজন লোককে গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :Spa Center Scam: স্পা কেন্দ্ৰৰ নামত চলিছে পতিতালয়, পূৰ্বোত্তৰৰ যুৱতীও উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.