ETV Bharat / bharat

গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ অসম-নাগালেণ্ডৰ দুই মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:53 PM IST

Assam Nagaland border issue: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আমন্ত্ৰণ ক্ৰমে সোমবাৰে সন্ধিয়া নতুন দিল্লীত মিলিত হয় অসম আৰু নাগালেণ্ডৰ দুয়োগৰাকী মুখ্যমন্ত্ৰী ৷ সীমা সমস্যাৰ লগতে আন কেতবোৰ বিষয়ত আলোচনা ৷

Assam CM meets Nagaland counterpart
Union HM Amit Shah

নতুন দিল্লী, 18 ডিচেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই সোমবাৰে সংসদ ভৱনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । শান্তি আৰু উন্নয়নৰ সূচনা কৰি দেশৰ উত্তৰ-পূব অংশটোক উন্নীত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰি দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ উপায় আৰু চুবুৰীয়া দুয়োখন ৰাজ্যক লৈ পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।
অসম মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত X ত এটা পোষ্টত লিখিছে এইদৰে- "আজি নতুন দিল্লীত সন্মানীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জী আৰু নাগালেণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' জীক সাক্ষাৎ কৰোঁ ।"

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ইও X ত এটা পোষ্টযোগে কয়, "মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ জীৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা জীক আহ্বান জনালোঁ । নাগালেণ্ড তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলত শান্তি আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰ বাবে তেখেতৰ ব্যক্তিগত চিন্তাক কৃতজ্ঞতা জনালোঁ ।’’

উল্লেখ্য যে অসমৰ সীমাত থকা নাগালেণ্ডৰ সৈতে বিভিন্ন সময়ত সীমা সংঘাত চলি আহিছে ৷ অসমৰ মূলতঃ গোলাঘাট, যোৰহাট, চৰাইদেউ, শিৱসাগৰ আৰু কাৰ্বি আংলং জিলাৰ সৈতে সীমা ভাগ-বাটোৱাৰা হৈ আছে নাগালেণ্ডৰ ৷ এই জিলাকেইখনৰ সীমামূৰীয়া অঞ্চলত প্ৰায়েই নগা দুৰ্বৃত্তৰ দপদপনি দেখা যায় ৷ একাংশ নগালোকে বলপূৰ্বক অসমৰ ভূমি দখল কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷

তাৰোপৰি অসমৰ ৰাইজৰ ধান, চাহ আদি খেতি ধ্বংস কৰাৰ লগতে নগাই বিভিন্ন সময়ত অসমৰ মানুহৰ ঘৰ-দুৱাৰতো আক্ৰমণ কৰাৰ খবৰ পোৱা যায় ৷ এই সকলো সমস্যা সমাধানৰ অৰ্থেই এইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত চুক্তিৰ বাবে মিলিত হয় মুখ্যমন্ত্ৰী দুগৰাকী ৷

লগতে পঢ়ক: ভাৰতৰ সীমান্ত অঞ্চলত কিয় গেম চেঞ্জাৰ হ’ব ভূটানৰ গেলেফু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.