ETV Bharat / bharat

Assam CM on state’s growth: দোপত দোপে উন্নয়নৰ জখলা বগোৱা অসমত কোনো প্ৰতিবাদ নাই; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 9:01 AM IST

2023 বৰ্ষৰ প্ৰতিদিন মিডিয়া নেটৱৰ্ক কনক্লেভ দেওবাৰে অনুষ্ঠিত হৈ যায় নতুন দিল্লীত ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অসমৰ যাত্ৰা উন্নয়নমুখী বুলি অনুষ্ঠানটোত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assam CM
অসমত কোনো প্ৰতিবাদ নাই; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ: বিগত দুবছৰৰ ভিতৰত অসমে উন্নয়নৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰাৰ লগে লগে ৰাজ্যখন “অন এ ৰোল”ত আছে । দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় প্ৰতিদিন মিডিয়া নেটৱৰ্ক কনক্লেভ 2023 অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম এখন অতি শান্তিপূৰ্ণ ৰাজ্য আৰু ইয়াত কোনো প্ৰতিবাদ নাই বুলি উল্লেখ কৰি এয়া ৰাজ্যখনত বিনিয়োগ কৰাৰ উপযুক্ত সময় বুলি উল্লেখ কৰে ।

উত্তৰ-পূবৰ এটা আগশাৰীৰ মিডিয়া সংস্থা প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়, "বিনিয়োগৰ বাবে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ বিৰাজ কৰা অসম আটাইতকৈ শান্তিপূৰ্ণ ৰাজ্য । বৰ্তমান প্ৰজন্মই বিচাৰে ৰাজ্যখনে বিনিয়োগ লাভ কৰক আৰু ঔদ্যোগিক ক্ষেত্ৰত অগ্ৰগতি লাভ কৰক ।" তেওঁ কয় যে, ৰাজ্যখনত 15 হাজাৰ কোটিতকৈ অধিক মূল্যৰ বিনিয়োগৰ প্ৰস্তাৱ বিবেচনাধীন হৈ আছে । যোৱা দুবছৰত অসমে ধাৰাবাহিকভাৱে অৰ্থনৈতিক অগ্ৰগতি দেখুৱাইছে । ৰাজ্যখন আজি প্ৰায় 6 লাখ কোটি টকাৰ অৰ্থনীতি । অসমৰ মুদ্ৰাস্ফীতি দেশৰ ভিতৰতে সৰ্বনিম্ন ।"

ৰাজস্থানত মুদ্ৰাস্ফীতিৰ হাৰ 8.6 % বুলি দাবী কৰি তেওঁ কয় যে অসমত ই 4 % । ৰাজস্থানত প্ৰতি লিটাৰ পেট্ৰ’ল 108 টকাকৈ বিক্ৰী কৰা হয়, আনহাতে অসমে প্ৰতি লিটাৰ পেট্ৰ’ল 98 টকাত বিক্ৰী কৰে বুলিও শৰ্মাই সদৰী কৰে । অসমত বিজেপি ক্ষমতাত থকাৰ বিপৰীতে ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ চলি আছে য’ত চলিত বৰ্ষৰ শেষৰফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । বিগত সপ্তাহত ৰাজস্থানত দলীয় প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ যাত্ৰা উন্নয়নমুখী । ৰাজ্যখনত আনন্দ-উল্লাস, উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ য'ত কোনো আন্দোলন, বন্ধ, পিকেটিং বা প্ৰতিবাদ আৰু গোটেই নিশা বিহু, দুৰ্গা পূজাৰ দৰে উৎসৱ অনুষ্ঠিত হোৱা নাই ।" লগতে শৰ্মাই কয় যে কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলখনে বিভিন্ন খণ্ডত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে । মুখ্যমন্ত্ৰীয়ে কয় যে 2026 চনত তেওঁৰ চৰকাৰৰ কাৰ্যকাল শেষ হ’লে অসমৰ জিডিপি 9-10 লাখ কোটি টকা হ’ব ।

লগতে পঢ়ক: Owaisi challenges Rahul: লোকসভা নিৰ্বাচনত হায়দৰাবাদৰ পৰা অৱতীৰ্ণ হ’বলৈ ৰাহুল গান্ধীক প্ৰত্যাহ্বান ওৱেইছিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.