নিউজ ডেস্ক, 22 জানুৱাৰী: মেঘালয়ৰ এটা কয়লাৰ খনিত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ ফলত অসমৰ 6 গৰাকীকে শ্ৰমিকে মৃত্যুক সাৱটি লৈছে ৷ মেঘালয় আৰক্ষীৰ আইজিপি গেব্ৰিয়েল লাঙৰেই ঘটনাটো সুনিশ্চিত কৰিছে যদিও ঘটনা সন্দৰ্ভত আৰু বিশেষ কোনো তথ্য প্ৰকাশ কৰা নাই ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে পূব জয়ন্তীয়া পাহাৰ জিলাৰ ডেইনচালুলো অঞ্চলত ঘটনাটো সংঘটিত হৈছে আৰু কয়লাৰ গাঁতত পৰাৰ ফলতে 6 গৰাকীকৈ শ্ৰমিকে মৃত্যুক সাৱটি লৈছে ৷
নিহত শ্ৰমিক কেইগৰাকীৰ এজন কৰিমগঞ্জৰ জালাবাদৰ জিলাল উদ্দিন(25) বুলি জানিব পৰা গৈছে ৷ নিহত অন্য তিনিগৰাকী শ্ৰমিক দিলৱাৰ হুছেইন(35), আলি হুছেইন(40), আৰু মকবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে ৷ নিহত এই তিনিওগৰাকী শ্ৰমিক কৰিমগঞ্জৰ আৰু সম্পৰ্কত ককাই ভাই আছিল বুলি জানিব পৰা গৈছে ৷
দুৰ্ঘটনাটোত নিহত পঞ্চমগৰাকী ব্যক্তি শিলচৰৰ আব্দুল চাবোৰ (32) বুলি চিনাক্ত হোৱাৰ পৰিৱৰ্তে ষষ্ঠ গৰাকী ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷