ETV Bharat / bharat

Ghaziabad live accident : গাজিয়াবাদত ট্ৰাকৰ চেঁপাত মৃত্যু দম্পতীৰ - শোকাৱহ দুৰ্ঘটনা

গাজিয়াবাদত সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত মৃত্যু দম্পতীৰ ৷ ট্ৰাকৰ চেঁপাত মৃত্যু হয় দম্পতীটোৰ ৷

Couple dies after being crushed by truck
গাজিয়াবাদত সংঘটিত শোকাৱহ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:52 PM IST

Updated : Sep 14, 2023, 6:42 AM IST

শোকাৱহ দুৰ্ঘটনাত মৃত্যু দম্পতীৰ

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ : গাজিয়াবাদত যান-বাহন নিয়ম উলংঘা কৰাৰ বাতৰি সঘনাই প্ৰকাশ পাইছে ৷ বুধবাৰেও একেধৰণৰ এক ঘটনা সংঘটিত হয় ৷ এখন স্কুটীয়ে ভুল দিশৰ পৰা এখন ট্ৰাকক অভাৰটেক কৰিছিল ৷ বিষয়টো ৰাজনগৰ এক্সটেনচন এলেকাৰ ৷ এই ঘটনাত স্কুটীৰে যাত্ৰা কৰা এটা দম্পতীক এখন ট্ৰাকে চেপি ধৰে ৷ সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে ৷ বৰ্তমান আৰক্ষীয়ে ট্ৰাকৰ চালকজনক গ্ৰেপ্তাৰ কৰি ট্ৰাকখন জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৷

নন্দগ্ৰামৰ এচিপি ৰিতেশ ত্ৰিপাঠীয়ে কয় যে, ৰাজনগৰ এক্সটেনচন এলেকাৰ ওমেগা ছেক্সনৰ সমীপৰ পেহলৱান ধাবাৰ সন্মুখত স্কুটিত গৈ আছিল স্বামী-স্ত্ৰী ৷ ওমেগা ছেক্সনৰ ওচৰত বাওঁফালৰ পৰা এখন ট্ৰাক অভাৰটেক কৰোঁতেই এখন ট্ৰাকত খুন্দা মাৰে স্কুটীখনে ৷ লগে লগে দম্পতীটোক চিকিৎসাৰ বাবে জিলা যুটীয়া চিকিৎসালয়, সঞ্জয় নগৰ গাজিয়াবাদত ভৰ্তি কৰোৱা হয় ৷ য'ত দুয়োকে মৃত ঘোষণা কৰে চিকিৎসকে ৷ নিয়ম অনুসৰি ট্ৰাকখন জব্দ কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ মৃত স্বামীৰ নাম অৰুণ (২৮ বছৰ) আৰু পত্নীৰ নাম সুনীতা (২৭ বছৰ) ৷ দুয়োজন মালবজাৰ শিলগুৰিৰ বাসিন্দা আছিল ৷

চিচিটিভিৰ ফুটেজত স্কুটি আৰোহীজনে বাওঁফালৰ পৰা অভাৰটেক কৰা দেখা গৈছে ৷ লগে লগে হঠাৎ দম্পতীটো ট্ৰাকৰ তলত সোমাই পৰে ৷ বুধবাৰে পুৱা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা ৷ ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে ট্ৰাকখনৰ চকা দম্পতীটোৰ ওপৰেৰে পাৰ হৈ গৈছে ৷ দুৰ্ঘটনাটো দেখি পথেৰে পাৰ হৈ যোৱা লোকসকলে সহায় কৰিবলৈ আগুৱাই আহে ৷ গাজিয়াবাদত দম্পতীটোৱে এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল ৷

লগতে পঢ়ক : Nipah virus: নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ তৎপৰ কেৰালা চৰকাৰ, এনআইভি দল উপস্থিত

Last Updated : Sep 14, 2023, 6:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.