ETV Bharat / bharat

Mumbai rape case: পাঁচ বছৰ পূৰ্বে মহাৰাষ্ট্ৰত ধৰ্ষণকাণ্ড সংঘটিত কৰা অসমৰ যুৱকক গ্ৰেপ্তাৰ - ধৰ্ষণকাণ্ডটোৰ মূল অভিযুক্ত অনুপম দাস

মহাৰাষ্ট্ৰত ধৰ্ষণকাণ্ড সংঘটিত কৰা অসমৰ যুৱকক গ্ৰেপ্তাৰ ৷ 2018 চনতেই সংঘটিত হৈছিল ধৰ্ষণকাণ্ডটো ৷ ধৰ্ষণকাণ্ড সংঘটিত কৰা অনুপম দাস নামৰ লম্পটটোক কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰ আৰক্ষীৰ অপৰাধ শাখাই (Assam connection to Mumbai rape case) ৷

Mumbai rape case
পাঁচ বছৰ পূৰ্বে মহাৰাষ্ট্ৰত ধৰ্ষণকাণ্ড সংঘটিত কৰা অসমৰ যুৱকক গ্ৰেপ্তাৰ
author img

By

Published : Apr 3, 2023, 10:20 PM IST

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল: পাঁচ বছৰৰ পূৰ্বে মহাৰাষ্ট্ৰত সংঘটিত হোৱা এক ধৰ্ষণকাণ্ডৰ সৈতে জড়িত অসমৰ যুৱক ৷ 2018 চনত সংঘটিত হোৱা ধৰ্ষণকাণ্ডটোৰ মূল অভিযুক্ত অনুপম দাস (25) নামৰ লম্পটটোক অৱশেষত পাঁচ বছৰৰ পাচত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহাৰাষ্ট্ৰ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই ৷ সোমবাৰে কৰ্ণাটকৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পটটোক (Assam connection to Mumbai rape case) ৷

উল্লেখ্য যে, এগৰাকী 35 বছৰীয়া মহিলাই মহাৰাষ্ট্ৰৰ বিক্ৰোলী আৰক্ষী থানাত অনুপম দাস নামৰ লম্পটটোৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই ধৰ্ষণ কৰা বুলি অভিযোগ দিছিল মহিলাগৰাকীয়ে ৷ সেই গোচৰৰ ভিত্তিতেই অভিযুক্ত অনুপন দাসৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল যদিও দীৰ্ঘদিনে আৰক্ষীয়ে লাভ কৰা নাছিল কোনো শুংসূত্ৰ ৷ ধৰ্ষণকাণ্ড সংঘটিত কৰি মহাৰাষ্ট্ৰৰ পৰা পলায়ন কৰিছিল ধৃত অনুপম দাসে (Assam man arrested by Maharashtra police) ৷

লগতে পঢ়ক: Murder in Goalpara: বোৱাৰী হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰাত চাঞ্চল্য

মহাৰাষ্ট্ৰ পৰা পলায়ন কৰি কৰ্ণাটকৰ মহীশূৰৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল অনুপম দাস ৷ যিহেতু অভিযুক্ত অনুপন দাসৰ অৱস্থান সম্পৰ্কে আৰক্ষীৰ হাতত কোনো বিতং তথ্যা নাছিল, সেয়ে আৰক্ষীয়ে ব্যাপক অভিযান চলোৱাৰ পাচতো লাভ কৰা নাছিল কোনো সন্ধান ৷

অৱশেষত মহাৰাষ্ট্ৰ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই বিশেষ সূত্ৰে লাভ কৰে ধৃত অনুপম দাসৰ অৱস্থিতি ৷ সেই তথ্যৰ ভিত্তিতেই মহাৰাষ্ট্ৰ আৰক্ষীৰ অপৰাধ শাখাৰ উপ-পৰিদৰ্শক ৰামদাস কদমৰ নেতৃত্বত যোৱা এটা দলে কৰ্ণাটকৰ মহীশূৰৰ পৰা গ্ৰেপ্তাৰ কৰে অনুপম দাসক ৷ উল্লেখ্য যে, অনুপম দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 376 (2)(N) 328, 342 ধাৰাত ৰুজু কৰা হৈছিল গোচৰ (Assam man connection to Mumbai rape case) ৷ লম্পট অনুপম দাসক গ্ৰেপ্তাৰ পাচতেই এতিয়া মাৰাথন জেৰা অব্যাহত ৰাখিছে মহাৰাষ্ট্ৰ আৰক্ষীৰ অপৰাধ শাখাই ৷

লগতে পঢ়ক: Operation Lotus in Karnataka : অপাৰেচন পদুম আৰু কৰ্ণাটকত বিজেপিৰ ক্ষমতা দখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.