ETV Bharat / bharat

শ্বাহজাহান শ্বেখক গ্ৰেপ্তাৰত ব্যৰ্থ, পশ্চিমবংগ চৰকাৰক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma

আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত পশ্চিমবংগ চৰকাৰক কঠোৰ সমালোচনা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM slams WB Govt)। পলাতক টিএমচি নেতা শ্বাহজাহান শ্বেখক পাতালৰ পৰাও বিচাৰি উলিওৱা হ'ব । ৰাজ্যখনত সনাতন ধৰ্মৰ লোকক লক্ষ্য কৰি লোৱা হৈছে ।

Assam CM slams TMC govt
পশ্চিমবংগ চৰকাৰক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 11:50 AM IST

নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক প্ৰায়ে সমালোচনা কৰা পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰক এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণ । অসমৰ মুখ্যমন্ত্ৰীৰ মতে টিএমচি নেতা শ্বাহজাহান শ্বেখক গ্ৰেপ্তাৰ কৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে । কিন্তু শ্বাহজাহানক আত্মগোপন কৰা স্থানৰ পৰাই বিচাৰি উলিওৱা হ'ব বুলি দাবী কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । কলকাতা ভ্ৰমণৰ সময়ত শৰ্মাই কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শ্বাহজাহান শ্বেখক য'তেই লুকাই আছে তাৰ পৰা আটক কৰি আনিব । মুখ্যমন্ত্ৰীগৰাকীৰ মতে প্ৰয়োজন হ'লে শ্বেখক পাতালৰ পৰাও বিচাৰি উলিওৱা হ'ব ।

শেহতীয়াকৈ ইডিৰ একাংশ বিষয়াক অভিযান চলোৱাৰ সময়ত টিএমচি নেতা শ্বাহজাহান শ্বেখৰ একাংশ সমৰ্থকে আক্ৰমণ কৰিছিল । তেতিয়াৰে পৰা নেতাগৰাকীৰ বিৰুদ্ধে ৰাজ্যখনত তীব্ৰ ক্ষোভ দেখা গৈছে । বিজেপি দলেও নেতাগৰাকীক গ্ৰেপ্তাৰত ব্যৰ্থ হোৱাক লৈ টিএমচি চৰকাৰক তীব্ৰ সমালোচনা কৰি আছে ।

ইফালে কিছুদিন পূৰ্বে পুৰুলিয়া জিলাত ছদ্মবেশী অপহৰণকাৰীৰ সন্দেহত তিনিগৰাকী সাধুক গংগাসাগৰ মেলালৈ যোৱাৰ সময়তে একাংশ লোকে প্ৰহাৰ কৰিছিল । এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থকা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে তৃণমূল চৰকাৰৰ নেতৃত্বত ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হৈছে । আইন শৃংখলা অৱনতি হোৱাৰ ফলতে বৃহস্পতিবাৰে ৰাজ্যখনৰ পুৰুলিয়া জিলাত সাধুসকলৰ ওপৰত আক্ৰমণ হৈছে । পশ্চিমবংগক ৰাজনৈতিক হিংসাজৰ্জৰ বুলি অভিহিত কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাধুসকলৰ ওপৰত হোৱা আক্ৰমণত তেওঁ আচৰিত হোৱা নাই ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে টিএমচি শাসিত ৰাজ্যখনত সনাতন ধৰ্মৰ লোকসকলক লক্ষ্য কৰি লোৱা হৈছে । শাসকীয় চৰকাৰক এই শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে পুৰুলিয়াত সাধুসকলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত তেওঁ আচৰিত নহয় ৷ কিয়নো তেওঁ কিছু সময় পূৰ্বে ৰাজ্যখনত এক কনভয়ত গৈ থকা সময়তো শিলগুটি নিক্ষেপৰ দৰে ঘটনাৰ সন্মুখীন হৈছিল । তেওঁ কয় যে পশ্চিমবংগত ৰাজনৈতিক হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । তেওঁৰ মতে সাধুসকলৰ ওপৰত হোৱা আক্ৰমণ কেৱল এটা উদাহৰণ ।

২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা হিন্দু সভ্যতাৰ পুনৰুত্থান ঘটিব । এয়া বিজয়ৰ দিন হ'ব বুলিও তেওঁ উল্লেখ কৰে । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে হিন্দুসকলে যোৱা ৫০০ বছৰ ধৰি অপেক্ষা কৰি আছে । ২২ জানুৱাৰী সংঘৰ্ষৰ দিন নহ'ব, ই ভাৰতক পুনৰ একত্ৰিত কৰাৰ দিন হ'ব বুলিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ।

লগতে পঢ়ক :কেজৰিৱাললৈ ইডিৰ চতুৰ্থ চমন; ১৮ জানুৱাৰীত হাজিৰ হোৱাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.