ETV Bharat / bharat

সপত্নীক জগন্নাথ মহাপ্ৰভূৰ আশিস ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:01 PM IST

দেওবাৰে পুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ, পুৰী জিলাৰ বিজেপিৰ সভাপতি অশ্ৰিত পাটনায়ক আৰু বিজেপি কৰ্মীসকল উপস্থিত থাকে ৷

Assam CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
পুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, 26 নৱেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ সদস্যসহ দেওবাৰে পুৰীত উপস্থিত হয় ৷ পৰিয়ালটোৱে শ্ৰীমন্দিৰত ভগৱান জগন্নাথ, ভগৱান বলোভদ্ৰ আৰু দেৱী সুভদ্ৰা দৰ্শন কৰে ৷ কটকটীয়া নিৰাপত্তাৰ মাজত মুখ্যমন্ত্ৰীক এস্কৰ্ট কৰি সিংহদ্বাৰলৈ লৈ যায় ৷ জিলা প্ৰশাসনে তেওঁক আৰু তেওঁৰ পৰিয়ালৰ লোকক আদৰণি জনায় ৷ স্থানীয় বিজেপি বিধায়ক জয়ন্ত শদাংগীয়েও তেওঁলোকক আদৰণি জনায় ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ, পুৰী জিলাৰ বিজেপিৰ সভাপতি অশ্ৰিত পাটনায়ক আৰু বিজেপি কৰ্মীসকল উপস্থিত থাকে ৷ তেওঁ অসমবাসীৰ মংগলৰ বাবে ত্ৰিত্বৰ ওচৰত প্ৰাৰ্থনা আগবঢ়ায় ৷ তেওঁ কল্পবতাত পবিত্ৰ সূতাও বান্ধে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, "অসম চৰকাৰ দুৰ্নীতিমুক্ত ৷ অসমত দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ কোনো স্থান নাই ৷ শেহতীয়াকৈ এপিএছছি কেলেংকাৰীৰে জৰিত 31 জন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আমি সদায় এখন স্বচ্ছ চৰকাৰৰ বাবে চেষ্টা কৰিম ৷ '' লগতে ৰাজ্যৰ প্ৰায় সকলো ব্যৱস্থা ডিজিটেল কৰা হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ভগৱান জগন্নাথক প্ৰাৰ্থনা কৰিবলৈ মুখ্যমন্ত্ৰী হিচাপে পুৰীলৈ অহা বুলি উল্লেখ কৰি ড৹ বিশ্ব শৰ্মাই কয় যে শীঘ্ৰেই পুৰীত অতিথিশালা নিৰ্মাণৰ বাবে মাটিৰ বাবে ওড়িশা চৰকাৰলৈ পত্ৰ লিখিব ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মহাপ্ৰভুক দৰ্শনৰ তেওঁৰ সৌভাগ্য হ’ল ৷ সকলোৰে মংগলৰ বাবে, কল্যাণৰ বাবে প্ৰাৰ্থনা কৰা বুলি কয় তেওঁ ৷

লগতে পঢ়ক : ৯০ সংখ্যক ৰাস মহোৎসৱত উখল-মাখল নলবাৰীৰ হৰিমন্দিৰৰ বাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.