ETV Bharat / bharat

Himanta Biswa Sarma in Chhattisgarh : ৰাজনীতি পাহৰি আত্মীয়তা; ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মুহূৰ্ত - Chhattisgarh election 2023

নিজৰ বক্তব্যৰে ইজনে সিজনক তীব্ৰ আক্ৰমণ কৰা পিছত ছত্তীশগড় আৰু অসমৰ মুখ্যমন্ত্ৰী দুগৰাকী ৰাজনন্দগাঁৱত পৰস্পৰৰ মুখামুখি হয় । সেই সময়ত তেওঁলোকৰ সাক্ষাতৰ দৃশ্য দৰ্শনীয় আছিল ।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মুহূৰ্ত
Himanta Biswa Sarma in Chhattisgarh
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:41 PM IST

নিউজ ডেস্ক, ২ নৱেম্বৰ : যেতিয়া ৰাজনীতিৰ ঘোৰ বিৰোধীসকলে ইজনে সিজনক লগ পায়, সেই ছবিখন কেৱল সংবাদ মাধ্যমৰ কেমেৰাৰ বাবেই নহয়, জনসাধাৰণৰ বাবেও বিশেষ হৈ পৰে । তেনে এক দৃশ্যয়েই প্ৰতিফলিত হয় ছত্তীশগড়ত । ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰকাৰ্য এতিয়া তুংগত উঠিছে । উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক বাতাবৰণ । শাসনাধিষ্ঠিত কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণে উত্তাল কৰি ৰাখিছে ৰাজ্যখন ।

আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ তাৰকা কেম্পেইনাৰ তথা অসমৰ মুখ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ৰাজ্যখন ভ্ৰমণত আছে । তাৰ মাজতে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন ছবি সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হৈছে । ছবিখনত দুয়োগৰাকীয়ে ইজনে সিজনক অতি আগ্ৰহেৰে সাক্ষাৎ কৰিছে । এই সাক্ষাতৰ সময়টো আছিল নিৰ্বাচনী প্ৰচাৰৰ । দুয়োগৰাকী নেতাই প্ৰচাৰৰ বাবে মোহলা মানপুৰত উপস্থিত হোৱাৰ সময়ত এই বিৰল মুহূৰ্তটো কেমেৰাত বন্দী হয় ।

ৰাজনীতিত যিকোনো ছবি তেতিয়াই বিশেষ হয়, যেতিয়া ইজনে সিজনৰ ছাঁটোকো সহ্য কৰিব নোৱাৰা লোকসকল পৰস্পৰৰ মুখামুখি হয় । তেনে এখন ছবিয়ে ছত্তীশগড়ৰ মোহলা মানপুৰৰ পৰা পোহৰলৈ আহিছে । য'ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰৰ সময়ত একেখন হেলিপেডত উপস্থিত হয় । ৰাজনীতিত যিমানেই অভিযোগ উত্থাপন কৰা নহওক কিয়, দুয়োগৰাকী নেতাই কিন্তু মুখামুখি হোৱাৰ সময়ত ইজনে সিজনৰ আদৰ-যতন লোৱাৰ লগতে অতি আন্তৰিকতাৰে কৰমৰ্দন কৰে ।

উল্লেখ্য যে মাত্ৰ কিছুদিন পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ বাবে ছত্তীশগড়ত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদি কাৱাৰধাক বচাব লাগে, তেন্তে মহম্মদ আকবৰক আঁতৰাব লাগিব । অৱশ্যে পিছত নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে আৰু লগতে তেওঁৰ বক্তব্যৰ বিষয়ে স্পষ্টীকৰণ বিচাৰে ।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই কয়, "কংগ্ৰেছ দলে নিৰ্বাচন আয়োগৰ পৰা এই তথ্য গোপন কৰিছিল যে মহম্মদ আকবৰ কাৱাৰধা আসনৰ পৰা তেওঁলোকৰ প্ৰাৰ্থী । সেয়েহে প্ৰাৰ্থী এজনৰ বৈধ সমালোচনা সাম্প্ৰদায়িক ৰাজনীতিৰ অংশ নহয় । যেতিয়া মই ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু তেওঁৰ উপ-মুখ্যমন্ত্ৰী টিএছ সিংদেওক কাৱাৰধাত সমালোচনা কৰিছিলোঁ, তেওঁলোকৰ দলে কোনো সঁহাৰি দিয়া নাছিল । কিন্তু মই তেওঁৰ মন্ত্ৰী মহম্মদ আকবৰক ঘেৰি ধৰাৰ লগে লগে কংগ্ৰেছৰ খং উঠে আৰু নিৰ্বাচন আয়োগৰ ওচৰলৈ যায় ।"

আনহাতে, মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নিজে কেৱল হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্যৰ সমালোচনা কৰাই নহয়, এই মন্তব্যৰ ওপৰত তীব্ৰ আপত্তিও কৰে । কিন্তু সকলো মন্তব্য আৰু সমালোচনাৰ পিছতো যেতিয়া দুয়োগৰাকীয়ে বৃহস্পতিবাৰে মোহলা মানপুৰত ইজনে সিজনক লগ পায়, তেওঁলোকে ৰাজনীতিৰ কথা পাহৰি ইজনে সিজনক অভিবাদন জনায় । তেওঁলোকে নিজৰ অভিযানত গ'লেও কিন্তু পিছপৰি ৰয় মহম্মদ আকবৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক বিবৃতি, যিয়ে নিশ্চিতভাৱে ৰাজনৈতিক বাতাৱৰণত উষ্ণতা বৃদ্ধি কৰিছে । ইয়াৰ প্ৰভাৱ অৱশ্যে অনাগত গিনত নিশ্চয় লক্ষণীয় হ'ব ।

লগতে পঢ়ক :BJP Vijay Sankalp Maharally : ছত্তীশগড়ত বিজয় সংকল্প মহাৰেলীত মোদী; কংগ্ৰেছৰ বিৰুদ্ধে উন্নয়ন নকৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.