ETV Bharat / bharat

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM gifted handmade Assame goods to PM

মেঘালয়ৰ সৈতে সীমা চুক্তি স্বাক্ষৰৰ পূৰ্বে নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী (Assam CM meets PM Modi) । নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রীয়ে অসমৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট, আৰ্থ-সামাজিক দিশৰ ওপৰত আলোকপাত কৰে ।

assam cm himanta biswa meets pm modi
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Mar 29, 2022, 4:13 PM IST

গুৱাহাটী,২৯ মাৰ্চ: অসম-মেঘালয় সীমা বিবাদৰ(Assam Meghalaya border dispute) মীমাংসাৰ বাবে আজি নতুন দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। মেঘালয়ৰ সৈতে সীমা চুক্তি স্বাক্ষৰৰ পূৰ্বে নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী (Assam CM meets PM Modi) ।

নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রীয়ে অসমৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট, আৰ্থ-সামাজিক দিশৰ ওপৰত আলোকপাত কৰে। তদুপৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু কল্যাণকামী আঁচনিৰ ওপৰতো আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছতে টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুত দিনত প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ আৰু আশিসেৰে অসমতে আগুৱাই যোৱাৰ আশা প্ৰকাশ কৰে ।

assam cm himanta biswa meets pm modi
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

সাক্ষাতৰ সময়ত মুখ্যমন্ত্রীয়ে প্ৰধানমন্ত্রী মোডীক অসমৰ বাঁহ-বেতেৰে নিৰ্মিত সামগ্ৰী উপহাৰ দিয়ে । হস্তনিৰ্মিত সামগ্ৰী আৰু অসমৰ স্বকীয়তা থকা সামগ্ৰী উপহাৰ দি পুনৰ এবাৰ অসমৰ সুকীয়া পৰিচয়ৰ কথা উল্লেখ কৰে (Assam CM gifted handmade Assame goods to PM)।

ইফালে প্ৰধানমন্ত্রীক সাক্ষাৎ কৰাৰ পাছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্রী। আনহাতে বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অসম-মেঘালয়ৰ সীমা বিবাদ সমস্যা সমাধানৰ সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকত মিলিত হ’ব দুই ৰাজ্যৰ মুখ্যমন্ত্রী । সেই বৈঠকত দুই ৰাজ্যৰ সীমা বিব‍াদৰ নিষ্পত্তি সম্পৰ্কীয় চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Assam Meghalaya border dispute : গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত উচ্চস্তৰীয় বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.