ETV Bharat / bharat

Asian Games 2023: পুৰুষৰ ৩০০০ মিটাৰ ষ্টীপলচেজ ইভেণ্টত সোণৰ পদক লাভ ভাৰতৰ অবিনাশ ছেবলেৰ - এছিয়ান গেমছ

অবিনাশ ছেবলেই দেওবাৰে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ ৩০০০ মিটাৰ ষ্টীপলচেছত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ পুৰুষৰ ৩০০০ মিটাৰ ষ্টীপলেচেজ ইভেণ্টত অবিনাশে ৮:১৯.৫০ সময়েৰে নিজৰ নামত এছিয়ান গেমছৰ অভিলেখ পঞ্জীয়ন কৰে ৷

Asian Games 2023
ষ্টীপলচেজ ইভেণ্টত সোণৰ পদক লাভ ভাৰতৰ
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 8:42 PM IST

স্পৰ্টছ ডেস্ক, 1 অক্টোবৰ: চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত উজ্বলি উঠিছে ইজনৰ পাছত সিজন ভাৰতীয় খেলুৱৈ ৷ ভাৰতীয় খেলুৱৈ তথা মহাৰাষ্ট্ৰৰ অবিনাশ ছেবলেই দেওবাৰে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ ৩০০০ মিটাৰ ষ্টীপলচেছত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ পুৰুষৰ ৩০০০ মিটাৰ ষ্টীপলেচেজ ইভেণ্টত অবিনাশে ৮:১৯.৫০ সময়েৰে নিজৰ নামত এছিয়ান গেমছৰ অভিলেখ পঞ্জীয়ন কৰে ৷

২৯ বছৰীয়া ৰাষ্ট্ৰীয় অভিলেখধাৰী ছেবলেই ২০১৮ চনৰ জাকাৰ্টা গেমছত স্থান দখল কৰা ইৰাণৰ হুছেইন কেয়েহানীৰ পূৰ্বৰ এছিয়ান গেমছৰ ৮:২২.৭৯ ছেকেণ্ডৰ অভিলেখ অতিক্ৰম কৰে ৷

লগতে পঢ়ক : Cricket World Cup 2023: ভাৰতক বিশ্বকাপ জিকাৰ শক্তিশালী প্ৰতিদ্বন্দী বুলি অভিহিত ৰোহিত শৰ্মাৰ প্ৰশিক্ষকৰ; অধিনায়কক দিলে বিজয়ৰ মন্ত্ৰ

ছেবলেই দৌৰি আগবাঢ়ি গৈ নিজৰ আৰু আন অংশগ্ৰহণকাৰীসকলৰ মাজত দূৰত্ব গঢ়ি তুলিলে আৰু দৌৰত বিপুল দূৰত্বত জয়ী হ’ল ৷ দৌৰৰ শেষৰ ৫০ মিটাৰত শেষৰ ফালে ওচৰ চাপি অহাৰ সময়তে ছেবলে পিছলৈ ঘূৰি চায় ওচৰত কোনো লোক দেখা নাপালে আৰু ফিনিচিং লাইন পাৰ হৈ উদযাপন কৰিলে নিজৰ বিজয় ৷

২০২২ চনৰ কমনৱেলথ গেমছতো অবিনাশ ছেবলেই ৰূপৰ পদক লাভ কৰিছিল ৷ তেওঁৰ হাতত আছে ৮ মিনিট ১১.২০ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ ৷ তেওঁৰ ছিজনৰ সৰ্বোত্তম সময় ৮:১১.৬৩ ৰেকৰ্ড স্থাপন কৰিছে ৷ যাৰ ফলত তেওঁ এছিয়ানসকলৰ ভিতৰত জাপানৰ মিউৰা ৰ্যুজি (এছ বি: ৮:০৯.৯১)ৰ পিছতে দ্বিতীয় স্থানত আছে ৷

উল্লেখযোগ্য যে, চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে বৰ্তমানলৈকে মুঠ 52টা পদক লাভেৰে তালিকাৰ চতুৰ্থ স্থানত আছে ৷ ইয়াৰে 13 টা সোণ, 20 টা ৰূপ আৰু 19 টা ব্ৰঞ্জৰ পদক ৷

লগতে পঢ়ক : Asian Games 2023: ইতিহাস সৃষ্টি কৰি এছিয়াডৰ শ্বট পুটত ভাৰতৰ তাজিন্দৰপাল সিং টুৰে আঁজুৰিলে সোণৰ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.