ETV Bharat / bharat

Asia Cup 2023 : ছুপাৰ ফ’ৰৰ প্ৰথমখন খেলত পাকিস্তানৰ সন্মুখীন বাংলাদেশ; 7 উইকেটত জয়ী পাকিস্তান - Match of Super 4 between Pakistan and Bangladesh

এছিয়া কাপ 2023 ৰ ছুপাৰ ফ’ৰৰ প্ৰথমখন খেলত পাকিস্তানৰ মুখামুখি হৈছে বাংলাদেশ ৷ লাহোৰত অনুষ্ঠিত হোৱা এই মেচখনত পাকিস্তানে বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে ৷

Asia Cup 2023
পাকিস্তানৰ সন্মুখীন বাংলাদেশ
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:42 PM IST

Updated : Sep 6, 2023, 10:05 PM IST

স্পৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ : বুধবাৰে এছিয়া কাপ 2023 ৰ ছুপাৰ ফ’ৰৰ প্ৰথমখন খেলত পাকিস্তানৰ মুখামুখি হয় বাংলাদেশ ৷ লাহোৰত অনুষ্ঠিত হোৱা এই মেচখনত পাকিস্তানে বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে ৷ বাংলাদেশ দলে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ পাকিস্তানৰ শক্তিশালী বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 38.4 অভাৰতে আটাইকেইটা হেৰুৱাই 193 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় বাংলাদেশ দলে ৷

প্ৰত্যুত্তৰত পাকিস্তানে নিজৰ ইনিংছ আৰম্ভ কৰি 39.3 অভাৰতে 3 টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ৷ পাকিস্তানৰ হৈ ফখৰ জামানে 31 টা বলত 20 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে ইমাম উল হকে 84 টা বলত সৰ্বাধিক 78 ৰাণ সংগ্ৰহ কৰি আউট হয় ৷ অধিনায়ক বাবৰ আজমে 22 টা বলত 17 ৰাণ কৰি আউট হয় ৷ মহম্মদ ৰিজৱানে 79 টা বলত 63 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ আঘা চালমানে 21 টা বলত 12 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

বাংলাদেশৰ অধিনায়কে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ আজি দুয়োটা দলে নিজৰ একাদশত খেলুৱৈৰ কোনো বিশেষ পৰিৱৰ্তন নকৰি পূৰ্বৰ একাদশ বাহাল ৰাখে ৷ কেৱল বাংলাদেশ দলত আঘাতপ্ৰাপ্ত খেলুৱৈ নাজমুল হুছেইন শান্তোৰ ঠাইত লিটন দাসে দলত স্থান লাভ কৰিছে ৷

পাকিস্তানৰ ফাষ্ট বলিংৰ আক্ৰমণত বাংলাদেশে ইনিংছ মুকলি কৰিয়েই শলঠেকত পৰে ৷ প্ৰথম পাৱাৰ প্লেতেই পাকিস্তানৰ ফাষ্ট বলাৰে বাংলাদেশৰ চাৰিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৷ পাকিস্তান দলটোৱে দ্বিতীয় অভাৰত বাংলাদেশক প্ৰথম আঘাত হানে আৰু অপেনাৰ মিৰাজে কোনো ৰাণ নকৰাকৈ আউট হয় ৷ ইয়াৰ পিছত, শ্বাহিন শ্বাহ আফ্ৰিদীয়ে পঞ্চম অভাৰত লিটন দাসক আউট কৰি বাংলাদেশ দলত মোক্ষম আঘাত হানে ৷

লিটন দাসে 13 টা বলত মাত্ৰ 16 ৰাণ সংগ্ৰহ কৰি নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ আনহাতে মহম্মদ নেইমে 25 টা বলত 20 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে টৌহিদ হৃদয়ে 9টা বলত মাত্ৰ 2 ৰাণ কৰি আউট কৰি আউট হয় ৷ অধিনায়ক শ্বাকিব-আল-হাচানে 53 ৰাণ কৰি ফাহিম আশ্ৰাফৰ বলত আউট হোৱাৰ পূৰ্বে 53 ৰাণৰ বৰঙনি আগবঢ়ায় ৷

আনহাতে উইকেট কীপাৰ মুছফিকুৰ ৰহিমে 87 টা বলত সাৰ্বাধিক 64 ৰাণৰ বৰঙণি আগবঢ়াই ৷ ইফালে দলটোৰ বাকী কেইজন বেটছমেন ৰাণ সংগ্ৰহত চূড়ান্তভাৱে ব্যৰ্থ হয় ৷ পাকিস্তানৰ বলিং আক্ৰমণত তাচপাতৰ দৰে খহি পৰে বাংলাদেশৰ বেটিং লাইন ৷ শ্বামিম হুছেইন 16, আফিফ হুছেইন 12, শ্বৰিফুল ইছলাম 1 ৰাণত আউট পোৱাৰ বিপৰীতে তাস্কিন আহমেদে কোনো ৰাণ নকৰাকৈ আউট হয় ৷

পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদিয়ে 7 অভাৰত 1টা মেডেন সহ 42 ৰাণ খৰছ কৰি 1টা উইকেট দখল কৰে ৷ নাছিম শ্বাহে 5.4 অভাৰত 34 ৰাণ খৰছ কৰি 3 টা উইকেট দখল কৰাৰ বিপৰীতে হেৰিছ ৰৌফে 6 অভাৰত 19 ৰাণ খৰছ কৰি 4 টাকৈ উইকেট দখল কৰে ৷ ফাহিম আশ্ৰাফে 7 অভাৰত 27 ৰাণ খৰছ কৰি 1টা উইকেট দখল কৰাৰ বিপৰীতে ইফটিখাৰ আহমেদে 5 অভাৰত 20 ৰাণ খৰছ কৰি 1টা উইকেট দখল কৰে ৷

উল্লেখ্য যে, খেলৰ পূৰ্বে জিম্বাবোৱেৰ প্ৰাক্তন অধিনায়ক হিথ ষ্ট্ৰীকৰ মৃত্যুত দুয়োটা দলে এক মিনিটৰ মৌনতা পালন কৰে ৷

লগতে পঢ়ক : ODI World Cup 2023: এদিনীয়া বিশ্বকাপৰ বাবে 15 জনীয়া ভাৰতীয় দলৰ ঘোষণা; বাদ শিখৰ ধাৱান, অশ্বিনৰ দৰে তাৰকা

Last Updated : Sep 6, 2023, 10:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.