ETV Bharat / bharat

Varanasi Gyanvapi mosque: জ্ঞানবাপী মছজিদত ASI ৰ বিজ্ঞানসন্মত জৰীপ আৰম্ভ - scientific survey of Gyanvapi mosque complex

জ্ঞানবাপী মছজিদ সঁচাকৈয়ে হিন্দুৰ মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ আজিৰ পৰা আৰম্ভ হৈছে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ দ্বাৰা বিজ্ঞানসন্মত জৰীপ ।

ASI team in Varanasi
Varanasi Gyanvapi mosque
author img

By

Published : Jul 24, 2023, 8:14 AM IST

নিউজ ডেস্ক, 24 জুলাই: কাশী বিশ্বনাথ মন্দিৰৰ কাষত অৱস্থিত জ্ঞানবাপী মছজিদটো মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ দেওবাৰে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ এটা দল সেই স্থানত উপস্থিত হয় । বাৰাণসী জিলা দণ্ডাধীশ এছ ৰাজলিংগমে দেওবাৰে কয় যে, সোমবাৰৰ পৰা জৰীপ আৰম্ভ হ’ব বুলি এ এছ আইয়ে তেওঁলোকক অৱগত কৰিছে ।

হিন্দু পক্ষৰ অধিবক্তা মদন মোহন যাদৱে কয় যে, এ এছ আইৰ দলটো বাৰাণসীত উপস্থিত হৈছে আৰু সোমবাৰে পুৱা প্ৰায় ৭ বজাৰ পৰা জ্ঞানবাপি কমপ্লেক্সৰ জৰীপ আৰম্ভ কৰিব । তেওঁ লগতে কয় যে, জৰীপ দলটোৰ লগত উভয় আবেদনকাৰী পক্ষৰ এজন অধিবক্তা থাকিব । শুকুৰবাৰে জিলা ন্যায়াধীশ এ কে বিশ্বেশে এ এছ আইক উত্তৰ প্ৰদেশৰ বাৰাণসীৰ মছজিদটো মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ প্ৰয়োজনীয় ঠাইত খননকে ধৰি বিশদ বিজ্ঞানসন্মত জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে ।

ইতিপূৰ্বে উচ্চতম ন্যায়ালয়ে কমপ্লেক্সটোৰ সেই ঠাইখিনি সুৰক্ষিত কৰাৰ বাবে দিয়া আদেশৰ পিছত এতিয়া হিন্দু বিবাদীয়ে ‘শিৱলিংগ’ বুলি দাবী কৰা এটা গঠন থকা মছজিদৰ ‘ৱাজুখানা’ এই সমীক্ষাৰ অংশ নহ’ব । জৰীপৰ কাৰ্যবিধিৰ ভিডিঅ’ আৰু ফটোৰ সৈতে ৪ আগষ্টৰ ভিতৰত আদালতত প্ৰতিবেদন দাখিল কৰিবলৈ এ এছ আইক নিৰ্দেশ দিয়ে ন্যায়াধীশগৰাকীয়ে ।

লগতে পঢ়ক: Manipur Crisis: মণিপুৰ সন্দৰ্ভত চৰকাৰৰে আলোচনাত বহিব নোখোজে বিৰোধী; মন্ত্ৰী অনুৰাগ

জৰীপ প্ৰক্ৰিয়াৰ ফলত যাতে মছজিদৰ ভিতৰত মুছলমান উপাসকসকলৰ নামাজত কোনো প্ৰভাৱ নপৰে তাৰ বাবে জৰীপ দল আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিছে । আদালতে নিৰ্দেশ জাৰি কৰিছে যে, জৰীপৰ সময়ত কৰ্তৃপক্ষই কোনো ধৰণে মছজিদৰ সম্পত্তিৰ ক্ষতি কৰিব নালাগে । বাৰাণসী জিলা আদালতে এ এছ আইৰ বৈজ্ঞানিক জৰীপ পুৱা ৮-১২ বজাৰ ভিতৰত কৰিব পাৰিব বুলি নিৰ্দেশ দিছে ।

১৪ জুলাইত হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে এই বিষয়ক লৈ জিলা ন্যায়াধীশৰ আদালতত বৈজ্ঞানিক জৰীপৰ বাবে আবেদন দাখিল কৰে । আবেদনখনত কোৱা হৈছে যে, এই ঠাইখন “লাখ লাখ মানুহৰ আৱেগৰ সৈতে জড়িত ।” তেওঁ দাবী কৰিছিল যে মছজিদ কমপ্লেক্সৰ পশ্চিম দেৱালত মন্দিৰৰ “অৱশিষ্ট” দেখা গৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.