ETV Bharat / bharat

ক’ভিড 19: ভাৰতৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ অশ্বনী কুমাৰৰ - দুই লাখৰ সীমা অতিক্ৰম

ক'ভিড-১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজহুৱা স্থানত গণ সমাৱেশ নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে প্ৰাক্তন আইন মন্ত্ৰী অশ্বনী কুমাৰে । সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য দাঙি ধৰি কুমাৰে কয় যে, দেশত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনে ২ লাখৰ সীমা অতিক্ৰম কৰিছে । এনে পৰিস্থিতিত উচ্চতম ন্যায়লয়ক নিজাববীয়া গোচৰৰ জৰিয়তে গণ সমাৱেশ নিষিদ্ধ কৰিবলৈ আহ্বান জনায় প্ৰাক্তন আইন মন্ত্ৰীগৰাকীয়ে ।

ৰাজহুৱা স্থানত গণ সমাৱেশ নিষিদ্ধ কৰাৰ আহ্বান জনাই ভাৰতৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ অশ্বনী কুমাৰৰ

author img

By

Published : Apr 17, 2021, 7:25 PM IST

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: সমগ্ৰ দেশতে পুনৰ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । কিন্তু এনে সংকটৰ সময়তো দেশত অনুষ্ঠিত হৈছে ৰাজনৈতিক সভা, ধৰ্মীয় অনুষ্ঠান । সেয়ে, ৰাজহুৱা অনুষ্ঠানত ৫০ জনৰো অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰিবলৈ আহ্বান জনাই ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে প্ৰাক্তন আইন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশ্বনী কুমাৰে ।

এই ক্ষেত্ৰত তেওঁ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে । তেওঁ কয় যে, নাগৰিকসকলৰ জীৱন সুৰক্ষিত কৰাৰ বাবে আদালতৰ ওপৰত দিয়া সাংবিধানিক দায়ৱদ্ধতাৰ কথা বিবেচনা কৰি আদালতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক কৰ'ণাসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে ৰাজনৈতিক সভা, প্ৰতিবাদী সভা, ধৰ্মীয় অনুষ্ঠান আদিত ৫০ জনৰো অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰাৰ স্বতঃস্ফূৰ্ত নিৰ্দেশনা জাৰি কৰিব পাৰে ।

সংবাদ মাধ্যমে প্ৰকাশ তথ্য দাঙি ধৰি কুমাৰে কয় যে, দেশত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনে দুই লাখৰ সীমা অতিক্ৰম কৰিছে । কুমাৰে ক'ভিড-১৯ ৰ প্ৰতিষেধকৰ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাতো বিচাৰিছে ৷ লগতে মহামাৰীত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰতিষেধকৰ কাৰ্যকাৰিতা নিশ্চিত কৰাৰ পিছত প্ৰতিষেধকৰ আমদানিৰ অনুমতি দিবলৈ আহ্বান জনাইছে । কুমাৰে হৰিদ্বাৰত অনুষ্ঠিত হৈ থকা কুম্ভমেলাক কৰ'ণা ভাইৰাছৰ সংক্ৰমণথলী বুলি সমালোচনা কৰে ।

কুম্ভমেলাত প্ৰায় ২ হাজাৰ লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাসমূহেও সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগাইছে । ৰাজনৈতিক নেতাসকলেও ক'ভিড স্বাস্থ্য বিধি উলংঘা কৰি বিশাল নিৰ্বাচনী সভাত অংশ লৈছে । ভিন্ন স্থানত অনুষ্ঠিত উৎসৱবোৰতো বহুসংখ্যক লোকৰ সমাৱেশ ঘটিছে ।

পত্ৰখনত এই সকলো কথা বিস্তৃত ৰূপত উল্লেখ কৰা হৈছে । এনে গণ সমাৱেশ বন্ধ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও তেওঁ সমালোচনা কৰে । পত্ৰখনৰ জৰিয়তে তেওঁ উচ্চতম ন্যায়ালয়ক নিজাববীয়াকৈ গোচৰ লৈ এক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: কৰ'ণা প্ৰতিষেধক বিক্ৰীৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ চিঠি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.