নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: ভাৰতীয় বায়ু সেনাক পাতল বুলেট-প্ৰুফ বাহন প্ৰদান কৰিছে হিন্দুজা গ্ৰুপৰ বাণিজ্যিক বাহন নিৰ্মাতা অশোক লেলেণ্ড লিমিটেডে । অশোক লেলেণ্ডৰ মতে, পাতল বুলেট-প্ৰুফ বাহনখন লকহিড মাৰ্টিনৰ Common Vehicle Next Gen (চিভিএনজি) ৰ এক গ্ৰহণযোগ্য সংস্কৰণ । এই বাহনখনে যিকোনো ধৰণৰ গুলী আৰু গ্ৰেণেড আক্ৰমণৰ লগতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব ।
বাহনখন দুটা কোম্পানীৰ মাজত প্ৰযুক্তিগত চুক্তি স্থানান্তৰৰ অধীনত বিকশিত কৰা হৈছিল বুলি অশোক লেলেণ্ডে জানিবলৈ দিয়ে ৷ লকহিড মাৰ্টিনৰ সৈতে ২০১৪ চনত হিন্দুজা গ্ৰুপৰ সম্পৰ্ক আৰম্ভ হৈছিল বুলি জানিবলৈ দি পৰৱৰ্তী সময়ত ভাৰতৰ বাবে অধিক সামগ্ৰী বিকশিত কৰাৰ আশা আছে বুলিও অশোক লেলেণ্ডে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: মহিলাক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ সময় আহি পৰিছে !