ETV Bharat / bharat

আশাৰাম বাপুৰ আবেদনৰ শুনানি স্থগিত কৰিলে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে - আশাৰাম

সোমবাৰে আশাৰাম বাপু, শিল্পী আৰু শাৰদচন্দ্ৰৰ আবেদনৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া স্থগিত কৰিলে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে । যোধপুৰস্থিত আশ্ৰমত এগৰাকী ১৬ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ২০১৩ চনত গ্ৰেপ্তাৰ কৰা হৈছিল আশাৰাম বাপুক ।

আশাৰাম বাপুৰ আবেদনৰ শুনানি স্থগিত কৰিলে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে

author img

By

Published : Mar 15, 2021, 3:00 PM IST

নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: কিশোৰী নিৰ্যাতনৰ অভিযোগত কাৰাবাস খাটি থকা আশাৰাম বাপুৰ আবেদনৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰাখে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে । জ্যেষ্ঠ ন্য়ায়াধীশ সন্দীপ মেহতা, ন্য়ায়াধীশ দেৱেন্দ্ৰ কচ্ছৱাহাৰ বিচাৰপীঠে আশাৰাম বাপু আৰু আন দুই অভিযুক্ত শিল্পী আৰু শাৰদ চন্দ্ৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল । কিন্তু সোমবাৰে অধিবক্তাৰ অনুৰোধত শুনানি গ্ৰহণ প্ৰক্ৰিয়া আদালতে অহা ৩ মে'লৈকে স্থগিত ৰাখে ।

আজীৱন কাৰাদণ্ডৰে দণ্ডিত আশাৰামৰ শাস্তিৰ বিৰোধিতা কৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ দিন ধাৰ্য কৰা হৈছিল । কিন্তু মুম্বাইৰ জ্যেষ্ঠ অধিবক্তা শিৰেশ গুপ্তেৰ সহযোগীয়ে আদালতৰ পৰা সময় বিচাৰিছিল ৷ সেই অনুসৰি আদালতে সময় বঢ়াই দি শুনানি স্থগিত কৰে । আশাৰামৰ হৈ যোধপুৰৰ জ্যেষ্ঠ অধিবক্তা জগমল সিং চৌধুৰী আৰু তেওঁৰ সহযোগী প্ৰদীপ সিং চৌধুৰী আদালতত উপস্থিত আছিল ।

২০১২ চনত আশাৰামে নিজৰ আশ্ৰমতে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল । ২০১৩ চনত আশাৰামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় আৰু একেটা বছৰৰে ৩১ আগষ্টত আৰক্ষীয়ে স্বয়ম্ভূ ভগৱান আশাৰামক গ্ৰেপ্তাৰ কৰে । আজীৱন কাৰাদণ্ডৰে দণ্ডিত আশাৰামে সম্প্ৰতি কাৰাগাৰত দিন কটাইছে । কেন্দ্ৰীয় কাৰাগাৰত এক বিশেষ আদালত গঠন কৰি এছচি-এছটি আইন আদালতৰ ন্যায়াধীশ মধুসূদন শৰ্মাক পক্স' আইনৰ অধীনত দাখিল কৰা গোচৰবোৰৰ শুনানি গ্ৰহণ কৰাৰ অধিকাৰ দিয়া হৈছিল ।

প্ৰায় ছয় বছৰৰ পিছত, ২০১৮ চনৰ ২৫ এপ্ৰিলত মুখ্য অভিযুক্ত আশাৰামক আজীৱন কাৰাদণ্ড বিহা হৈছিল । লগতে সহ-অভিযুক্ত শিল্পী আৰু শাৰদ চন্দ্ৰক ২০ বছৰৰ বাবে দণ্ডিত কৰা হৈছিল । ইয়াৰ পিছতে আশাৰাম, শিল্পী আৰু শাৰদ চন্দ্ৰই এই শাস্তিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে ৷

লগতে পঢ়ক: সাতটাকৈ স্থানত ইছলামিক ষ্টেট মডিউলৰ বিৰুদ্ধে অনুসন্ধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.