ETV Bharat / bharat

পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত কেবাটাও সমষ্টিত হিংসাত্মক পৰিৱেশ - বিজেপি সাংসদ মনোজ তিৱাৰী

পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ মাজতে ৰাজ্যখনৰ কেবাটাও সমষ্টিত হিংসাত্মক পৰিৱেশৰ সৃষ্টি । হিংসাৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ এটা ভোটকেন্দ্ৰত উপস্থিত হয় অভিযোগ উত্থাপন কৰে ।

পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত কেবাটাও সমষ্টিত হিংসাত্মক পৰিৱেশ

author img

By

Published : Apr 2, 2021, 11:52 AM IST

নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ মাজতে ৰাজ্যখনৰ কেবাটাও সমষ্টিত হিংসাত্মক পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায় । বৃহস্পতিবাৰে নন্দীগ্ৰামৰ কমলপুৰৰ ১৭০ নম্বৰৰ বুথত সংবাদ মাধ্যমৰ এখন বাহনত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হোৱাত শুভেন্দু অধিকাৰীয়ে এইয়া পাকিস্তানী সকলৰ কাম বুলি মন্তব্য কৰিছিল ।

হিংসাৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ এটা ভোটকেন্দ্ৰত উপস্থিত হৈ এই অভিযোগ উত্থাপন কৰে । ইফালে, নন্দীগ্ৰামৰ ভোটকেন্দ্ৰত তৃণমূল কংগ্ৰেছৰ (টিএমচি) কৰ্মীসকলক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাই বুলি টিএমচি কৰ্মীসকলে অভিযোগ কৰিছিল ।

এই সন্দৰ্ভত বিজেপি সাংসদ মনোজ তিৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মমতা বেনাৰ্জীয়ে এইবাৰ নিৰ্বাচনত তেওঁৰ সকলো নৈতিকতা পাহৰি গৈছে । মমতাই বিজেপিক টিএমচিৰ শক্তিশালী বিৰোধী হিচাপে গণ্য কৰিছে । ইফালে, বিজেপিৰ মুখপাত্ৰ সুদেশ বাৰ্মাই ৰাজ্যখনত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰাৰ লগতে মমতা বেনাৰ্জীক গণতান্ত্ৰিক নিয়ম অনুসৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, নন্দীগ্ৰাম হৈছে ৰাজ্যখনৰ ভিতৰতে অতি উল্লেখনীয় সমষ্টি কিয়নো এই সমষ্টিৰ পৰাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । শুভেন্দু অধিকাৰী মমতা চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল, যিয়ে শেহতীয়াকৈ দলত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । আনহাতে শুভেন্দু অধিকাৰী হৈছে নন্দীগ্ৰামৰ বৰ্তমানৰ বিধায়ক ।

লগতে পঢ়ক: আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.