ETV Bharat / bharat

NCB ৰ বিৰুদ্ধে ড্ৰাগছৰ গোচৰত আৰিয়ান খানক ব্যৱহাৰৰ অভিযোগ - মুম্বাইৰ ব্যৱসায়ী বিজয় পাগাৰ

মুম্বাইৰ ড্ৰাগছৰ ঘটনাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । আৰিয়ান খান এই ঘটনাৰ লগত প্ৰকৃততে জড়িত আছিল নে এনচিবিয়ে তেওঁক ব্যৱহাৰ কৰিছিল ? এই সন্দৰ্ভে প্ৰকাশ পাইছে পুনৰ বিস্ফোৰক তথ্য ৷

Drugs on cruise
আৰিয়ান খানক ড্ৰাগজৰ অভিযানটোত এনচিবিয়ে ব্যৱহাৰ কৰিছিল
author img

By

Published : Nov 7, 2021, 11:00 AM IST

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ : মুম্বাইৰ ড্ৰাগছ অন ক্ৰুজ (Drugs on cruise) ঘটনাৰ নতুন মোৰ । ইতিমধ্যে ঘটনাৰ অভিযুক্ত অভিনেতা শ্বাহৰুখ খানৰ (Shah Rukh Khan) পুত্ৰ আৰিয়ান খানে জামিন লাভ কৰিছে যদিও বিভিন্ন মহলত ঘটনাকলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । আৰিয়ান খানক (Aryan Khan) নাৰ্ক'টিক্স কণ্ট্ৰল ব্যুৰ'য়ে (NCB) কিহৰ আধাৰত আটক কৰিছিল তাকলৈও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । এইবাৰ এগৰাকী ব্যৱসায়ীৰ বিস্ফোৰক মন্তব্য ।

মুম্বাইৰ ব্যৱসায়ী বিজয় পাগাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, ড্ৰাগছৰ ঘটনাত আৰিয়ান খানক কেনেদৰে ফ্ৰেম আপ (Frame up) কৰা হৈছিল, সেয়া গোপনে ৰখা হৈছে । ব্যৱসায়ীগৰাকীৰ মতে ২৩ বছৰীয়া আৰিয়ান খানক একাংশ লোকে উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল । লগতে তেওঁৰ অভিযোগ যে, এনচিবিৰ সেয়া পূৰ্ব পৰিকল্পিত অভিযান আছিল । ড্ৰাগছৰ এই কাহিনীৰ সৈতে জড়িত লোকসকলক আৰিয়ানে চিনি পাইছিল বুলিও তেওঁ দাবী কৰে ।

ইয়াৰোপৰি এনচিবিৰ বিষয়াৰ সৈতে আৰিয়ানৰ এখন চেলফি ভাইৰেল হৈ পৰাকলৈও ব্যৱসায়ীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে । পূৰ্বে এনচিবিৰ এগৰাকী সাক্ষী প্ৰভাকৰ চেইলে অভিযোগ কৰিছিল যে, এনচিবিৰ কিছুমান বিষয়াই আৰিয়ানক এৰি দিয়াৰ বিপৰীতে ধন সংগ্ৰহৰ চেষ্টা কৰিছিল । অৱশ্যে এই সমগ্ৰ বিষয়ত সম্প্ৰতি এনচিবিয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : হায়দৰাবাদৰ এটা জনপ্ৰিয় উৎসৱ Buffalo Carnival

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.