ETV Bharat / bharat

Delhi liquor scam; বিজেপিয়ে আপক নিঃশেষ কৰিব বিচাৰিছে : কেজৰিৱাল

author img

By

Published : Apr 15, 2023, 9:01 PM IST

Updated : Apr 15, 2023, 10:56 PM IST

এইবাৰ দিল্লী সুৰা কেলেংকাৰীত নাম সাঙোৰ খাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চিবিআইৰ জাৰি কৰিছে চমন (Arvind Kejriwal gets CBI summons)৷

aap-ray-of-hope-bjp-wants-to-end-it-ed-cbi-mislead-court-kejriwal
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চিবিআইৰ জাৰি

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ পিচত এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক (Delhi Chief Minister Arvind Kejriwal) চমন কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ ৷ দিল্লী সুৰা নীতিৰ গোচৰত সোধ-পোছৰ বাবে দেওবাৰে চিবিআইৰ সন্মুখত হাজিৰ হোৱাৰ বাবে আপৰ মুখ্যমন্ত্ৰীগৰাকীক চমন জাৰি কৰা হৈছে (Arvind Kejriwal gets CBI summons) ।

ইয়াৰ পিচতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (Central Bureau of Investigation) (চিবিআই)য়ে চমনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "কেন্দ্ৰীয় সংস্থাসমূহে আদালতক বিপথে পৰিচালিত কৰাৰ বাবে মিছা প্ৰমাণপত্ৰ প্ৰদান কৰিছে (Arvind Kejriwal reacting to summon)। আপ আশাৰ ৰশ্মি, বিজেপিয়ে আপক নিঃশেষ কৰিব বিচাৰে ৷ আপে জনসাধাৰণক দিয়া প্ৰতিশ্ৰতিসমূহ ধ্বংস কৰিবলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ ব্যৱহাৰ কৰিছে ৷ মনীষ চিছোদিয়াৰ ঘটনাৰ লগত জড়িত থকা ১৪ টা ফোনৰ ভিতৰত চাৰিটা ইডিৰ ওচৰত আছে, এটা চিবিআইৰ ওচৰত’’ ।

ইয়াৰ লগতে কেজৰিৱালে আশ্বাস দি কয়, ‘‘মনীষ চিছোদিয়াৰ সকলো ফোন বৰ্তমান সক্ৰিয় অৱস্থাত আছে (Manish Sisodia liquor scam) ৷ কেন্দ্ৰীয় সংস্থাসমূহে আপ নেতাসকলৰ পৰা বিবৃতি দাখিল কৰিবলৈ শাৰীৰিক অত্যাচাৰ আৰু মানসিক নিৰ্যাতনতো লিপ্ত হৈছে’’ (Kejriwal on liquor policy case)।

"মনীষ চিছোদিয়াক কেৱল মোৰ ওচৰ চাপিবলৈ গ্ৰেপ্তাৰ কৰা হৈছিল (Kejriwal summoned by CBI)। যোৱা 75 বছৰত আপৰ দৰে কোনো দলক লক্ষ্য কৰা হোৱা নাই । আমি মানুহক ভাল শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিলে ৷ কিন্তু বিজেপিয়ে এই আশা শেষ কৰিব বিচাৰে’’ কেজৰিৱালে এই অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: AASU Bihu 2023 : তিনিচুকীয়াত আয়োজন আছুৰ কেন্দ্ৰীয় মুকলি বিহু

ইয়াৰোপৰি মুখ্যমন্ত্ৰী কেজৰিৱালে বিতৰ্কিত সুৰা নীতিৰ বিষয়ে দৃঢ়ভাৱে কয়, ‘‘আপ-চৰকাৰে প্ৰস্তুত কৰা নীতিৰ ফলত পঞ্জাৱত ৰাজহ 50 শতাংশ বৃদ্ধি পাইছে । মই আগতেই জানিছিলো যে তদন্তকাৰী সংস্থাসমূহে পৰৱৰ্তী সময়ত আমাক লক্ষ্য কৰিব ৷ মই চিবিআইৰ চমন অনুসৰি দেওবাৰে চিবিআইৰ কাৰ্যালয়লৈ যাম’’ ।

Last Updated : Apr 15, 2023, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.