ETV Bharat / bharat

পঞ্জাৱৰ AAP ৰ বিধায়কৰ সৈতে কেজৰিৱালৰ ভাৰ্চুৱেল বৈঠক

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টি(AAP) ৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেওবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পঞ্জাৱৰ দলীয় বিধায়কসকলৰ সৈতে এখন বৈঠকত মিলিত হয় । দিল্লীৰ পৰা কেজৰিৱালে অংশগ্ৰহণ কৰা বৈঠকখন পঞ্জাৱৰ মোহালিত অনুষ্ঠিত হয় (Kejriwal address to Punjab) ।

Arvind Kejriwal to hold virtual meeting
পঞ্জাৱৰ AAPৰ বিধায়কৰ সৈতে কেজৰিৱালৰ ভাৰ্চুৱেল বৈঠক
author img

By

Published : Mar 20, 2022, 2:21 PM IST

নেশ্যনেল ডেস্ক, ২০ মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টি(AAP)ৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেওবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পঞ্জাৱৰ তেওঁৰ দলৰ বিধায়কসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে (Arvind Kejriwal to hold virtual meeting) । আপৰ বিধায়কসকলৰ বৈঠক মোহালিত অনুষ্ঠিত হোৱা বৈঠকখনত কেজৰিৱালে দুপৰীয়া ১২ বজাত দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত যোগদান কৰে ।

AAPয়ে শেহতীয়াকৈ সমাপ্ত হোৱা পঞ্জাৱ বিধানসভা নিৰ্বাচনত ১১৭ জনীয়া সদনত ৯২ খন আসন লাভ কৰি বিপুল বিজয় সাব্যস্ত কৰিছিল । শেহতীয়াকৈ AAP নেতা আৰু দলটোৰ প্ৰমুখ ভগৱন্ত মানে ১৬ মাৰ্চত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । ১৭ মাৰ্চত মুখ্যমন্ত্ৰী ভগৱন্ত মানকে ধৰি পঞ্জাৱৰ নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে ।

শনিবাৰে পঞ্জাৱৰ ভগৱন্ত মান নেতৃত্বাধীন কেবিনেটত এগৰাকী মহিলাসহ দহজন AAP ৰ বিধায়কক অন্তৰ্ভুক্ত কৰা হয় (Punjab AAP MLAs) । পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে চণ্ডীগড়ৰ পঞ্জাৱ ভৱনত ১০ জন মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাইছিল ।

লগতে পঢ়ক: লালুৰ বাবে বিষাদেৰে ভৰা হ'ল ৰঙৰ উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.