নিউজ ডেস্ক, 7 জুলাই: এইবাৰ বিধান সভাৰ মজিয়াৰ পৰাই বিজেপিলৈ ধমক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal again in mood to movement) ৷ বহু আন্দোলনৰ জৰিয়তে ক্ষমতালৈ অহা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল পুনৰবাৰ তেওঁৰ বিধায়ক, দলৰ নেতা, কৰ্মীসকলক আন্দোলনৰ বাবে সাজু হ’বলৈ তীব্ৰ আহ্বান জনাইছে । তেওঁ দিল্লীৰ পিছত অন্য ৰাজ্যত আম আদমী পাৰ্টীৰ চৰকাৰ পতাৰ চেষ্টা চলাই থাকোতেই এইবাৰ পঞ্জাৱত খোপনি পুতিবলৈ সুযোগ লাভ কৰে ।
তাৰ পিছতে আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিধানসভাত আন্দোলনমূলক মনোভাৱ প্ৰদৰ্শন কৰি তেওঁৰ বিধায়ক, নেতাসকলক ৰাস্তাত খুন্দা নোপোৱালৈকে কাৰাগাৰলৈ যাবলৈ সাজু থাকিবলৈ আহ্বান জনায় । লগতে কোনো ক্ষেত্ৰত বিজেপিক ভয় কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি তেওঁ নিজেও বহুদিন কোনো সমস্যা নোহোৱাকৈ জেলত আছিল বুলি উল্লেখ কৰে ।
উল্লেখ্য যে, আই আৰ এছৰ বিষয়াৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা অৰবিন্দ কেজৰিৱালে (Arvind kejriwal news) তেওঁ জীৱনত কেতিয়াও ৰাজনৈতিক দল গঠন কৰাৰ কথা ভবা নাছিল বুলি মন্তব্য কৰে ৷ তাৰ পিছত বন্ধু-বান্ধৱীৰ পৰামৰ্শ মতে তেওঁ ৰাজনীতিতো প্ৰৱেশ কৰাৰ সিদ্ধান্ত ল’লে ।
২০১৩ চনত তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়লাভ কৰি কংগ্ৰেছৰ সহায়ত নতুন দিল্লীত চৰকাৰ গঠন কৰে ৷ 2015 চনত দ্বিতীয়বাৰৰ বাবে কেজৰিৱালে চৰকাৰ গঠন কৰে ৷ সেইসময়ত চিচি টিভি, বিনামূলীয়া ৱাইফাই স্থাপনকে ধৰি দিল্লীৰ জনসাধাৰণক দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ পুৰণৰ বাবে তেতিয়াৰ লেফটেনেণ্ট গৱৰ্ণৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিছিল কেজৰিৱাল ৷ কিন্তু ২০২০ চনত তৃতীয়বাৰৰ বাবে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা কেজৰিৱাল প্ৰতিবাদৰ পৰা আঁতৰত আছিল ।
পিছে বিজেপিৰ বিৰুদ্ধে এতিয়া পুনৰ প্ৰতিবাদত নমাৰ হুংকাৰ কেজৰিৱালৰ ৷ আনহাতে, বিধানসভাত মুখ্যমন্ত্ৰী কেজৰিৱালে দিয়া বক্তব্য সন্দর্ভত দিল্লী বিজেপিৰ নেতা তথা ঘোণ্ডাৰ বিধায়ক অজয় মাহাৱৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ভয়ত ভুগিছে বুলি মন্তব্য কৰে ৷
সত্যেন্দ্ৰ জৈনৰ বিষয়টো সদনত আলোচনা হ’ব লাগিছিল যদিও মৌনতা বজাই ৰখা হৈছিল বুলি উল্লেখ কৰি অজয় মাহৱাৰে দিল্লীৰ জনসাধাৰণৰ বাবে কাম কৰক বুলি কেজৰিৱালক উপদেশ দিয়ে । তাৰোপৰি জনস্বাৰ্থৰ বিষয়ত কাম কৰা, যমুনা পৰিষ্কাৰ কৰা আৰু দিল্লীৰ ৰাইজক পৰিষ্কাৰ বায়ু দিবলৈ কেজৰিৱালক আহ্বান জনায় বিধায়কগৰাকীয়ে ৷
লগতে পঢ়ক: ৰাজ্যসভালৈ মনোনীত পিটি ঊষা, ইলাইয়াৰাজাসহ চাৰি বিশিষ্ট ব্যক্তি