ETV Bharat / bharat

Arunachal Police new portal : অৰুণাচল প্ৰদেশ আৰক্ষীৰ নিজা এপ আৰু ই-ভিজিলেন্স পৰ্টেল মুকলি - ArunPol mobile app launched

অৰুণাচল আৰক্ষীৰ মোবাইল এপ 'অৰুণপোল' আৰু ই-ভিজিলেন্স পৰ্টেল মুকলি । মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বুধবাৰে মুকলি কৰে এই নতুন ব্যৱস্থাৰ । আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজৰ দূৰত্ব হ্ৰাস হ'ব বুলি আশা প্ৰকাশ পেমা খাণ্ডুৰ ।

Arunachal Police new portal
অৰুণাচল প্ৰদেশ আৰক্ষীৰ নিজা এপ আৰু ই-ভিজিলেন্স পৰ্টেল মুকলি
author img

By

Published : Jun 15, 2023, 12:28 PM IST

Updated : Jun 15, 2023, 12:36 PM IST

তেজপুৰ,১৫ জুন : ডিজিটেল হোৱাৰ দিশে অৰুণাচল প্ৰদেশ আৰক্ষী । বুধবাৰে অৰুণাচল প্ৰদেশ আৰক্ষীৰ মোবাইল এপ 'অৰুণপোল' আৰু ই-ভিজিলেন্স পৰ্টেল মুকলি কৰা হয় । উপ মুখ্যমন্ত্ৰী চোনা মে, গৃহ মন্ত্ৰী বামাং ফেলিক্স আৰু ৰাজ্যিক আৰক্ষী, গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই নতুন ব্যৱস্থা মুকলি কৰে ।

গৃহ বিভাগ লগতে আৰক্ষীৰ এই নতুন পদক্ষেপৰ বাবে অভিনন্দন জনাই খাণ্ডুৱে কয় যে অৰুণপোল আৰু ই-ভিজিলেন্সৰ শুভাৰম্ভ ৰাজ্যখনত ই-গভৰ্ণেন্সৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে বিবেচিত হ'ব । ই-গভৰ্ণেন্সৰ ক্ষেত্ৰত অৰুণাচল দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য বুলিও দাবী কৰে খাণ্ডুৱে ।

নিজৰ অভিযোগ দাখিলৰ বাবে বিভিন্ন সময়ত থানালৈ যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় সাধাৰণ নাগৰিকসকল । তেনে পৰিস্থিতিত অৰুণপোল ম'বাইল এপটো যথেষ্ট সহায়ক হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে এই এপটোৰ জৰিয়তে ৰাইজে সামগ্ৰী হেৰুওৱাৰ প্ৰতিবেদন দাখিল, আৰক্ষীৰ ক্লিয়াৰেন্স প্ৰমাণপত্ৰ, সন্ধানহীনৰ প্ৰতিবেদন, সেৱক প্ৰমাণীকৰণ, ভাড়াতীয়া প্ৰমাণীকৰণ, মহিলা আৰু শিশুৰ অভিযোগ, আৰক্ষী, নিয়ম আৰু আইনৰ বিৰুদ্ধে অভিযোগ, গুৰুত্বপূৰ্ণ যোগাযোগ নম্বৰ, হেল্পলাইন নম্বৰ আদি বিভিন্ন সেৱাৰ সুবিধা ল'ব পাৰিব ।

ইফালে এগৰাকী নাগৰিকে এই এপৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব আৰু তথ্য প্ৰদান কৰিব পাৰিব আৰু এপটোৰ জৰিয়তে তেওঁলোকৰ পৰিচয় গোপন ৰাখিব পাৰিব । খাণ্ডুৱে উল্লেখ কৰা মতে এপটোত ১৬ টা সেৱা আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই এপত আৰু নতুন বিষয় অন্তৰ্ভুক্ত কৰিব পাৰি নেকি সেই বিষয়ে শীৰ্ষ বিষয়াসকলে বিবেচনা কৰিব পাৰিব ।

ইফালে ই-ভিজিলেন্স পৰ্টেলটোৱে চৰকাৰী কৰ্মচাৰীসকলক ই-ভিজিলেন্স ক্লিয়াৰেন্স প্ৰমাণপত্ৰ জাৰী কৰিব । খাণ্ডুৱে দাবী কৰা মতে অনলাইনত ভিজিলেন্স ক্লিয়াৰেন্স প্ৰমাণপত্ৰ জাৰী কৰাটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে যথেষ্ট সুবিধাজনক হ'ব । পূৰ্বে এই প্ৰক্ৰিয়া দীঘলীয়া আৰু জটিল আছিল এতিয়া এই প্ৰক্ৰিয়াটো সহজ আৰু সুলভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ।

এতিয়ালৈকে কেৱল ৩০ টা চৰকাৰী বিভাগ পৰ্টেলত আছে বুলি লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্য সচিবক বাকী থকা সকলো বিভাগক ই-পৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে । ইফালে খাণ্ডুৱে সামূহিক সজাগতাৰ বাবে অৰুণপোল সেৱা বাহনো মুকলি কৰে । বাহনখনত উচ্চ মানদণ্ডৰ সঁজুলি যেনে স্মাৰ্ট টিভি পেনেল, জেনেৰেটৰ ছেট, বৰষুণ সুৰক্ষিত অডিঅ' প্ৰণালীৰ সৈতে কৰ্ডলেছ পিএ প্ৰণালীৰে নিৰ্মাণ কৰা হৈছে ।

প্ৰশিক্ষণ প্ৰাপ্ত আৰক্ষী কৰ্মীয়ে এই বাহন পৰিচালিত কৰিব । ইফালে ৰাজ্যখনত আৰক্ষীৰ নতুন নিযুক্তিকলৈও চিন্তা চৰ্চা কৰাৰ কথা কয় মুখ্যমন্ত্ৰী খাণ্ডুৱে । তেওঁ জনোৱা মতে প্ৰায় ৭০০ টা পদত নতুন নিযুক্তিৰ ক্ষেত্ৰত অনুমোদন জনোৱা হৈছে ।

লগতে পঢ়ক :Manipur violence updates : মণিপুৰত মন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ

Last Updated : Jun 15, 2023, 12:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.