ETV Bharat / bharat

19th Asian Games Controversy : অৰুণাচলৰ খেলুৱৈৰ ভিছা প্ৰত্যাখ্যান; চীন ভ্ৰমণ বাতিল ক্ৰীড়া মন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 10:51 AM IST

চীনত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ বাবে চীনে অৰুণাচল প্ৰদেশৰ খেলুৱৈক ভিছা প্ৰদান কৰা নাছিল । ইয়াৰ প্ৰতিবাদত ভাৰতৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে চীন ভ্ৰমণ বাতিল কৰে ।

চীন ভ্ৰমণ বাতিল ক্ৰীড়া মন্ত্ৰীৰ
19th Asian Games Controversy

নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : চীনত অনুষ্ঠিতব্য ১৯ সংখ্যক এছিয়ান গেমছক লৈ ভাৰত আৰু চীনৰ মাজত কূটনৈতিক মতবিৰোধে গা কৰি উঠিছে । অৰুণাচলৰ কেইগৰাকীমান ভাৰতীয় এথলিটক চীনত প্ৰৱেশৰ ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে এই বিষয়টোক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে বিভিন্ন ক্ষেত্ৰত হৈছে ইয়াৰ প্ৰতিবাদ ।

এই ক্ষেত্ৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চীন চৰকাৰ তথা এছিয়ান গেমছ কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰিছে । আনহাতে, বিষয়টো আন্তৰাষ্ট্ৰীয় মঞ্চতো উত্থাপন কৰাৰ কথা কৈছে । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু ই সদায় তেনেকৈয়ে থাকিব ।

বাগচীয়ে কয় যে ভাৰতে চীনৰ দ্বাৰা যিকোনো ধৰণৰ বৈষম্যৰ বিৰোধিতা কৰে, সেয়া জাতিগত বা ভৌগোলিক যি ভিত্তিতে নহওক কিয় । ভাৰতে চীনৰ সন্মুখত ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । ভাৰতে কয় যে চীনে এনে ধৰণৰ কাম কৰি এছিয়ান গেমছৰ আত্মাক গভীৰভাৱে আক্ৰমণ কৰিছে । কিয়নো ইয়াত স্পষ্টভাৱে লিখা হৈছে যে খেলৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য কৰা নহ'ব ।

আনহাতে, চীনৰ এই কাৰ্যৰ প্ৰতিবাদত ভাৰতৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে চীন ভ্ৰমণ বাতিল কৰিছে । তেওঁ এছিয়ান গেমছ কাৰ্যসূচীত উপস্থিত থকাৰ কথা আছিল । ইয়াৰ ব্যাখ্যা কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰজনে কয় যে ভাৰতৰ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰি সিদ্ধান্ত লোৱাৰ সকলো অধিকাৰ আছে ।

বাগচীয়ে কয় যে এয়া খেলৰ আত্মা আৰু ইয়াৰ আচৰণৰ স্পষ্ট উলংঘন । তেওঁ লগতে কয় যে ভাৰত চৰকাৰে জানিব পাৰিছে যে চীনা কৰ্তৃপক্ষই ইয়াৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় খেলুৱৈসকলক লক্ষ্য কৰি লৈছে ।

উল্লেখ্য যে এইবাৰ চীনৰ হাংঝৌত ১৯ সংখ্যক এছিয়ান গেমছ আয়োজন কৰা হৈছে । ভাৰতীয় ৱুচু দলৰ হৈ অৰুণাচল প্ৰদেশৰ কেইগৰাকীমান খেলুৱৈয়ে তাত অংশগ্ৰহণ কৰিবলৈ যাব বিচাৰিছিল । কিন্তু চীনে কুটিল ৰাজনীতিৰ আশ্ৰয় লৈ এই খেলুৱৈসকলক ভিছা প্ৰদান কৰা নাছিল । তাৰ পিছতেই দুয়ো দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক জটিল হৈ পৰিছে ।

লগতে পঢ়ক :19th Asian games in China: এছিয়ান গেমছত অৰুণাচলৰ খেলুৱৈ বিৰুদ্ধে পোষণ কৰা মনোভাৱৰ বিৰুদ্ধে দেশৰ সৰ্বত্ৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.