ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰৰ পহলগামলৈ পৰ্যটকৰ সোঁত

author img

By

Published : Feb 4, 2021, 9:12 PM IST

ক'ভিড-১৯ অতিমাৰীয়ে প্ৰায় কোঙা কৰি যোৱাৰ পাছত পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ল জম্মু আৰু কাশ্মীৰ। নিম্মগামী তাপমাত্ৰাৰ বিপৰীতে বাঢ়িছে পৰ্যটকৰ ভিৰ । বৰফৰ শুভ্ৰ বৃষ্টি উপভোগ কৰাৰ উদ্দেশ্যে কাশ্মীৰ উপত্যকালৈ পৰ্যটকৰ সোঁত ।

জম্মু আৰু কাশ্মীৰৰ পহলগামলৈ পৰ্যটকৰ সোঁত
জম্মু আৰু কাশ্মীৰৰ পহলগামলৈ পৰ্যটকৰ সোঁত

নেচনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী: ক'ভিড-১৯ অতিমাৰীৰ ফলত জম্মু আৰু কাশ্মীৰৰ পৰ্যটন বিভাগ একপ্ৰকাৰ কোঙা হৈ পৰাৰ পাছত কাশ্মীৰক পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে । কাশ্মীৰত পুনৰ পৰ্যটনৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে এই ক্ষেত্ৰ খনৰ সৈতে জড়িত লোক সকলৰ মনতো আনন্দ পৰিলক্ষিত হৈছে ।

বৰ্তমান ক'ভিড -১৯ অতিমাৰীক প্ৰতিহত কৰাৰ সম্ভাৱনা প্ৰায় সুনিশ্চিত হৈ পৰাৰ লগে লগেই স্থানীয় লোকৰ বাহিৰেও বৰফৰ শুভ্ৰ বৃষ্টি উপভোগ কৰাৰ উদ্দেশ্যে কাশ্মীৰ উপত্যকালৈ যোৱা আৰম্ভ কৰিছে ।

পহলগামৰ দৰে অঞ্চলত তাপমাত্ৰা একেবাৰে কম হোৱাৰ পাছতো পৰ্যটকৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈ থকাৰ পৰিপ্ৰেক্ষিতত পৰ্যটন উদ্যোগৰ ভৱিষ্যতক লৈও লোকসকল যথেষ্ট আশাবাদী হৈ পৰিছে ।

প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটক সকলে মন্তব্য কৰে যে, ঠাইখনলৈ আহি বৰফেৰে আবৃত পৰ্বতসমূহৰ লগতে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি তেওঁলোক অভিভূত হৈ পৰিছে ।

নিজৰ মনৰ ভাৱ ব্যক্ত কৰি অঞ্চলটোৰ এগৰাকী বাসিন্দা আব্দুল ৰাছিদে মন্তব্য কৰে যে, পৰ্যটকৰ আগমনৰ লগে লগে অঞ্চলটোলৈ ঐশ্চৰ্য ঘূৰি আহিছে । তেঁও লগতে কয় যে, "ধাৰা ৩৭০ প্ৰত্যাহাৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে পৰ্যটন উদ্যোগৰ ভৱিষ্যত সন্দৰ্ভত আমাৰ মনলৈ এক ধনাত্মক আশা আহিছে ।"

লগতে পঢ়ক:গ্ৰেটা থানবাৰ্গৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.