ETV Bharat / bharat

দিল্লীত গ্ৰেপ্তাৰ হোৱা কাশ্মীৰৰ যুৱক নিৰ্দোষী বুলি দাবী পৰিয়ালৰ - আব্দুল লতিফ আৰু মহম্মদ আশ্ৰফ খটানা

দিল্লী আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰা জইচ-ই-মহম্মদৰ দুয়োগৰাকী সন্ত্ৰাসবাদীকে নিৰ্দোষী বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷

দিল্লীত গ্ৰেপ্তাৰ হোৱা কাশ্মীৰৰ যুৱক নিৰ্দোষী বুলি দাবী পৰিয়ালৰ

author img

By

Published : Nov 18, 2020, 9:31 AM IST

নিউজ ডেস্ক, 18 নৱেম্বৰ : দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰা দুই জইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক লৈ পৰিয়ালৰ লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ জম্মু-কাশ্মীৰৰ বাসিন্দা দুয়োগৰাকী সন্ত্ৰাসবাদীকে নিৰ্দোষী বুলি কৈ শীঘ্ৰেই দুয়োকে মুকলি কৰি দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ লোকে এই সন্দৰ্ভত দুয়োকে মুকলি কৰি দিবলৈ জম্মু-কাশ্মীৰৰ লেফ. গৱৰ্নৰ মনোজ সিনহা আৰু জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙৰ অনুৰোধ জনাইছে ৷

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত ধৰা পৰা দুয়োগৰাকী সন্ত্ৰাসবাদী পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ সদস্য ৷ ধৃত দুই সন্ত্ৰাসবাদী আব্দুল লতিফ আৰু মহম্মদ আশ্ৰফ খটানাৰ ঘৰ জম্মু-কাশ্মীৰৰ বাৰামুলা আৰু খ্যাডাৰত ৷ দিল্লীৰ চাৰাই কালাৰ মিলেনিয়াম পাৰ্কৰ পৰা দুটা ছেমি-অটোমেটিক পিষ্টল আৰু 10 জাঁই সজীৱ গুলিসহ দিল্লী আৰক্ষীৰ বিশেষ শাখা গ্ৰেপ্তাৰ কৰিছিল দুয়োকে ৷

ধৃত মহম্মদ আশ্ৰফ খটানাৰ পিতৃ বশ্বিৰ আহমেদ খটানাই জনোৱা অনুসৰি, আশ্ৰফে বিগত 4 নবেম্বৰত শ্ৰীনগৰৰ পৰা দিল্লীলৈ আহিছিল ৷ 11 আৰু 12 নবেম্বৰত থকা বিবাহৰ বজাৰ কৰিবলৈ তেওঁ দিল্লীলৈ আহিছিল ৷ 5 নবেম্বৰত পিতৃৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছিল আশ্ৰফে আৰু 6 নবেম্বৰত নিজ গৃহত উপস্থিত হোৱাৰ বিষয়ে ব্যক্ত কৰিছিল ৷ কিন্তু উভটি অহাৰ পৰিৱৰ্তে যোগাযোগ বিচ্ছিন্ন হৈছিল আৰু এতিয়া সন্ত্ৰাসবাদী বুলি আশ্ৰফক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে গম পায় পৰিয়ালটোৱে ৷ পুত্ৰক গ্ৰেপ্তাৰ কৰা বুলি জানিব পাৰিয়ে পিতৃয়ে স্থানীয় উপ-আৰক্ষী অধীক্ষকক লগ ধৰি তেওঁৰ পুত্ৰৰ কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে যোগাযোগ নাই আৰু তেওঁৰ পুত্ৰ সম্পূৰ্ণৰূপে নিৰ্দোষী বুলি কয় ৷

একেদৰেই আব্দুল লতিফৰ পিতৃয়েও দিল্লী আৰক্ষীৰ অভিযোগক নসাৎ কৰে ৷ তেওঁ জনোৱা অনুসৰি, আব্দুল লতিফ এগৰাকী হাফিজ-ই-কুৰান আৰু লতিফে বিগত 4 নবেম্বৰত দিল্লীলৈ গৈছিল আৰু তেতিয়াৰে পৰাই সংযোগ বিচ্ছিন্ন হৈ আছিল ৷ দিল্লী আৰক্ষীয়ে আব্দুল লতিফ আৰু মহম্মদ আশ্ৰফ খটানাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা দুটা ছেমি-অটোমেটিক পিষ্টল আৰু 10 জাঁই সজীৱ গুলি জব্দ কৰা বুলি এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছিল ৷ সংবাদ মাধ্যমত পুত্ৰৰ গ্ৰেপ্তাৰৰ বিষয়ে জানিব পাৰি পৰিয়ালটো আচৰিত হোৱাৰ লগতে তেওঁৰ পুত্ৰক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি কয় ৷

লগতে পঢ়ক : ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা দিল্লী; বিশেষ শাখাৰ অভিযানত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.