ETV Bharat / bharat

Arpita Mukherjee in ED custody: EDৰ জিম্মালৈ প্ৰেৰণ অৰ্পিতা মুখাৰ্জীক - ED Arrests West Bengal minister Partha Chatterjee

এদিনৰ বাবে এনফৰ্চমেণ্ট ডিৰেক্টৰেট (Enforcement Directorate)ৰ জিম্মালৈ প্ৰেৰণ অৰ্পিতা মুখাৰ্জীক (Arpita Mukherjee remanded to one day custody)৷ শেহতীয়াকৈ পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জী এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ জালত পৰাৰ পিছতে নাম সাঙোৰ খাইছিল ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ ৷

Arpita Mukherjee in ED custody
EDৰ জিম্মালৈ প্ৰেৰণ অৰ্পিতা মুখাৰ্জীক
author img

By

Published : Jul 24, 2022, 8:17 PM IST

নেশ্যনেল ডেস্ক, 24 জুলাই: অৰ্পিতাৰ বিলৈ ৷ এদিনৰ বাবে এনফৰ্চমেণ্ট ডিৰেক্টৰেট (Enforcement Directorate)ৰ জিম্মালৈ প্ৰেৰণ অৰ্পিতা মুখাৰ্জীক (Arpita Mukherjee remanded to one day custody)৷ শেহতীয়াকৈ পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জী এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ জালত পৰাৰ পিছতে নাম সাঙোৰ খাইছিল ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ ৷

EDয়ে অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা শুকুৰবাৰে প্ৰায় ২০ কোটি টকাৰ লগতে ২০ টাতকৈও অধিক মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় (ED cease 20 crores from Arpita flat)। তাৰ পাছতে শনিবাৰে ইডিয়ে মুখাৰ্জীক গ্ৰেপ্তাৰ কৰে । অনুসন্ধানকাৰী সংস্থাই দক্ষিণ কলকাতাস্থিত অৰ্পিতাৰ এপাৰ্টমেণ্টত চলোৱা অভিযানত বিভিন্ন ৰেকৰ্ড, সন্দেহজনক কোম্পানীৰ বিৱৰণ, ইলেক্ট্ৰনিক সঁজুলি, বিদেশী মুদ্ৰা আৰু সোণো উদ্ধাৰ কৰিছিল ।

দেওবাৰে মহানগৰ দণ্ডাধীশ নম্ৰতা সিঙে মুখাৰ্জীক 25 তাৰিখে ইডি আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইফালে অভিজিত ভদ্ৰকে ধৰি ইডিৰ অধিবক্তাসকলে মুখাৰ্জীক 14 দিনৰ জিম্মাৰ বাবে বিচাৰিছিল যদিও শেহতীয়াকৈ এদিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে মুখাৰ্জীক ৷

উল্লেখ্য যে পশ্চিমবংগ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা ব'ৰ্ডত নিযুক্তি কেলেংকাৰীৰ গোচৰত এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ জালত পৰিছে পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জী (West Bengal SSC scam)। গ্ৰেপ্তাৰ হোৱাৰ পাছতে কলকাতাৰ বেংকছল আদালতে শনিবাৰে শিক্ষক নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত মন্ত্ৰী চেটাৰ্জীক দুদিনৰ EDৰ জিম্মালৈ প্ৰেৰণ কৰে (ED Arrests West Bengal minister Partha Chatterjee)। অৱশ্যে, চেটাৰ্জীৰ স্বাস্থ্যৰ সমস্যাৰ বাবে তেওঁক এছ.এছ.কে.এম. চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক: West Bengal SSC scam : আদালতত হাজিৰ কৰোৱা হ'ব অৰ্পিতা মুখাৰ্জীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.