ETV Bharat / bharat

Manipur violence: সেনাৰ তৎপৰতাত কাংপকপিত বিফল হ’ল দুৰ্বৃত্তৰ অগ্নিসংযোগৰ চেষ্টা; ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 8:18 AM IST

নিয়ন্ত্ৰণলৈ অহা নাই মণিপুৰৰ পৰিস্থিতি ৷ 31 আগষ্টৰ সন্ধিয়া দুৰ্বৃত্তই লেইমাখঙৰ সমীপত অগ্নিসংযোগৰ চেষ্টা চলাইছিল ৷ অৱশ্যে সেনাই গ্ৰহণ কৰা তাৎক্ষণিক পদক্ষেপৰ বাবে বিফল হয় এই প্ৰচেষ্টা । সেনাই এক আনুষ্ঠানিক বিবৃতিযোগে জনায় এই কথা ৷

Manipur violence latest update
নিয়ন্ত্ৰণলৈ অহা নাই মণিপুৰৰ পৰিস্থিতিৰ

নেশ্যনেল ডেস্ক, 1 ছেপ্তেম্বৰ: এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই উত্তৰ-পূৱৰ অন্যতম এখন ৰাজ্য মণিপুৰত ৷ ঠায়ে ঠায়ে বৰ্তমানেও মোতায়েন কৰা হৈ আছে সেনা বাহিনী ৷ সেনাই এক আনুষ্ঠানিক বিবৃতিযোগে কয় যে, কাংপকপি জিলাৰ লেইমাখঙৰ সমীপত সেনাই অগ্নিসংযোগৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হয় ৷ যাৰ ফলত মানুহৰ প্ৰাণ আৰু ঘৰ-দুৱাৰ ৰক্ষা পৰিছে ।

কোহিমা আৰু ইম্ফলৰ ৰক্ষা বিভাগৰ দ্বাৰা প্ৰকাশিত এক আনুষ্ঠানিক বিবৃতিযোগে জনায়, “2023 চনৰ 31 আগষ্টৰ সন্ধিয়া লেইমাখঙৰ ওচৰত অগ্নিসংযোগৰ চেষ্টা চলাইছিল দুৰ্বৃত্তই ৷ অৱশ্যে সেনাই গ্ৰহণ কৰা তাৎক্ষণিক পদক্ষেপৰ ফলত এই প্ৰচেষ্টা বিফল হয় ।”

সন্ধিয়া প্ৰায় 6:30 বজাত চিংমাং গাঁৱৰ ওচৰৰ এটা খালী ঘৰৰ পৰা জুইৰ শিখা আৰু ধোঁৱা ওলাই অহা প্ৰত্যক্ষ কৰে সেনাবাহিনীয়ে । লগে লগে সেনাবাহিনীৰ জোৱানসকলে জুই নিৰ্বাপন কৰা কাৰ্যত লিপ্ত হয়, অঞ্চলটোৰ চাৰিওফালে নিৰাপদ বেষ্টনী গঢ়ি তুলিবলৈ সক্ষম হয় বুলি বিবৃতিটোত উল্লেখ কৰে ।

এই কাণ্ডৰ কেইমিনিটমানৰ ভিতৰতে সেনাবাহিনীৰ অগ্নিনিৰ্বাপক গাড়ী উক্ত স্থানত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । অগ্নিসংযোগৰ চেষ্টাত জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ একেলগে কম্বিং অভিযান চলোৱা হৈছিল বুলিও প্ৰকাশ কৰা হৈছে বিবৃতিটোত ।

বিবৃতিটোত আৰু কোৱা হৈছে যে, অঞ্চলটোৰ চুবুৰীয়াই অগ্নিসংযোগৰ চেষ্টাত জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ অনুসন্ধান অভিযানত সহযোগিতা আগবঢ়ায় আহিছে । অগ্নিসংযোগৰ চেষ্টাৰ আঁৰৰ উদ্দেশ্যে অঞ্চলটোত প্ৰচলিত শান্তি বিঘ্নিত কৰা যেন লাগে বুলি কয় সেনাবাহিনীয়ে । তদুপৰি, আৰক্ষীক এই বিষয়ে অৱগত কৰি জড়িত ব্যক্তিসকলৰ তদন্ত আৰু গোচৰ ৰুজু কৰা হৈছে বুলিও বিবৃত্তিটোত প্ৰকাশ কৰে ।

লগতে পঢ়ক: Manipur firing: বিষ্ণুপুৰত পুনৰ গুলীচালনা; 8 জন নিহত, 8 জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.