ETV Bharat / bharat

Army soldier missing: ছুটীত ঘৰলৈ আহি সন্ধানহীন সেনা জোৱান

ছুটীত ঘৰলৈ আহি 29 জুলাইৰ পৰা সন্ধানহীন হৈ আছে এগৰাকী সেনা জোৱান ৷ লাডাখত নিযুক্তি লাভ কৰা কুলগাম জিলাৰ আচাথাল গাঁৱৰ বাসিন্দা জাভেদ আহমেদ ৱানীক (25) উগ্ৰপন্থীয়ে অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷

author img

By

Published : Jul 30, 2023, 4:10 PM IST

army-soldier-on-leave-goes-missing-in-kulgam
ছুটীত ঘৰলৈ আহি সন্ধানহীন সেনা জোৱান

নেশ্যনেল ডেস্ক, 30 জুলাই : জম্মু-কাশ্মীৰৰ কুলগামত অঘটন ৷ ছুটীত ঘৰলৈ আহি 29 জুলাইৰ পৰা সন্ধানহীন হৈ আছে এগৰাকী সেনা জোৱান ৷

জানিব পৰা মতে, লাডাখত নিযুক্তি লাভ কৰা কুলগাম জিলাৰ আচাথাল গাঁৱৰ বাসিন্দা জাভেদ আহমেদ ৱানী (25) শনিবাৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দিষ্ট হৈ আছে বুলি ভাৰতীয় সেনাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা জানিবলৈ দিয়ে ৷ সেনা জোৱানজনে ছুটী লৈ ঘৰলৈ আহিছিল ৷ শনিবাৰে নিশা প্ৰায় 8 বজাত কুলগামৰ পাৰানহল গাঁৱত তেওঁৰ গাড়ীখন উদ্ধাৰ কৰা গৈছিল ৷ নিৰাপত্তাৰক্ষীয়ে সন্ধানহীন জোৱানজনক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে ৷

জোৱানজনৰ পৰিয়ালে আশংকা কৰা অনুসৰি জোৱানজনক কুলগামত তেওঁৰ বাহনৰ পৰা অপহৰণ কৰা হৈছে ৷ যদিও আৰক্ষীয়ে এতিয়াও কোনো অপহৰণৰ সন্দৰ্ভত নিশ্চিত তথ্য প্ৰদান কৰা নাই ৷ ৱানীৰ পিতৃ-মাতৃয়ে সন্দেহ তেওঁক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰাৰ সন্দেহত পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে জোৱানজনক মুকলি কৰিবৰ বাবে আবেদন কৰি এটা ভিডিঅ'যোগে বিবৃতি প্ৰকাশ কৰিছে ৷

"মই ৰোগীয়া, জাভেদে হৈছে আমাৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু একমাত্ৰ সাৰথি ৷ মই আপোনালোকক তেওঁক মুকলি কৰিবলৈ অনুৰোধ জনাইছো ৷ যদি তেওঁ কোনো ভুল কৰিছে, তেওঁক ক্ষমা কৰক আৰু তেওঁক মুকলি কৰক," ভিডিঅ'টোত ৱানীৰ মাতৃয়ে অনুৰোধ কৰি পুত্ৰক মুকলি কৰি দিবলৈ কাতৰ অনুৰোধ কৰিছে ৷

পৰিয়ালৰ লোকে কোৱা অনুসৰি ৱানিয়ে সন্ধিয়া চৌলগামৰ এখন বজাৰৰ পৰা ঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গাড়ী লৈ ওলাই গৈছিল ৷ তাৰ পিচৰ পৰা তেওঁ ঘৰলৈ ঘূৰি অহা নাছিল ৷ ৱানী নিশালৈ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বহুতো বিচাৰ খোচাৰ কৰিছিল ৷ পৰিয়ালৰ লোকে জাভেদ অন্য পৰিয়ালৰ ঘৰলৈও গৈছিল নেকি বুলি সোধা-পোছা কৰাতো কোনোধৰণৰ শুংসূত্ৰ পোৱা নাছিল ৷

উল্লেখ্য যে, বিগত বছৰত কাশ্মীৰত মধ্য কাশ্মীৰৰ বুদগামত এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ নিৰুদ্দেশ হোৱা এজন জোৱানক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ ইউছুফ কান্টুৰ নেতৃত্বত উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবায়ে সমীৰ আহমেদ মাল্লা নামৰ এজন জোৱানক অপহৰণ কৰি হত্যা কৰিছিল ৷ ঘটনাৰ অনুসন্ধানৰ সময়ত প্ৰকাশ কৰা হৈছিল যে মাল্লাক এজন স্থানীয় গাওঁবাসীয়ে মাতিছিল তাৰ পিচতেই তেওঁক অপহৰণ কৰা হৈছিল ৷

লগতে পঢ়ক: Amrit Sarovar in Arunachal Pradesh : অৰুণাচলৰ পশ্চিম কামেং জিলাত ৰাইজৰ বাবে মুকলি অমৃত সৰোবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.