ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে সুৰংগত আৱদ্ধ শ্ৰমিকৰ ভিডিঅ' প্ৰকাশ, উলম্ব ড্ৰিলিঙৰ বাবে সাজু উদ্ধাৰকাৰী দল - uttarakhand tunnel collapse

চিল্কিয়াৰাৰ সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলৰ ভিডিঅ' প্ৰকাশ পাইছে । উদ্ধাৰকাৰী দলে সুৰংগৰ ভিতৰলৈ প্ৰেৰণ কৰিছে বিশেষ কেমেৰা । সমান্তৰালকৈ উলম্ব ড্ৰিলিঙৰ বাবে সঁজুলিবোৰো আহি পাইছে উত্তৰকাশী ।

Silkyara Tunnel vertical drilling
প্ৰথমবাৰৰ বাবে সুৰংগত আৱদ্ধ শ্ৰমিকৰ ভিডিঅ' প্ৰকাশ
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 12:52 PM IST

Updated : Nov 21, 2023, 1:35 PM IST

প্ৰথমবাৰৰ বাবে সুৰংগত আৱদ্ধ শ্ৰমিকৰ ভিডিঅ' প্ৰকাশ

নেশ্যনেল ডেস্ক,২১ নৱেম্বৰ : উত্তৰাখণ্ডৰ চিল্কিয়াৰাৰ সুৰংগ দুৰ্ঘটনাৰ আজি দশম দিন । বিগত ১০ দিনে সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক । তেওঁলোকক উদ্ধাৰৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা হৈছে । কিন্তু এতিয়ালৈ শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা নাই । আনকি বিদেশৰ পৰাও বিশেষজ্ঞৰ দল আহি উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে । ইয়াৰ মাজতে প্ৰথমবাৰৰ সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ ফটো আৰু ভিডিঅ' পোহৰলৈ আহিছে ।

সুৰংগটোত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকসকলৰ এটা ভিডিঅ' প্ৰকাশ পাইছে । এডাল পাইপেৰে ভিতৰলৈ এটা গোপ্ৰ' কেমেৰা সোমোৱাই দিয়া হৈছিল । কেমেৰাত শ্ৰমিকসকলৰ ভিডিঅ' বন্দী হৈছে । ভিডিঅ'টোত স্পষ্টভাৱে দেখা গৈছে যে শ্ৰমিক সুৰক্ষিত আৰু সুস্থ অৱস্থাত আছে । ভিডিঅ'টো পোহৰলৈ অহাৰ পাছতে এতিয়া সকলোৱে কিছু সকাহ লৈছে । শ্ৰমিকৰ পৰিয়ালৰ সদস্যসকলেও কিছু সন্তুষ্টি লাভ কৰিছে । শ্ৰমিকসকলে কেমেৰাৰ সন্মুখত থিয় হৈ কথা পাতিছে আৰু তেওঁলোকৰ সৈতে ৱাইফাই ৱাকি টকীৰ জৰিয়তেও যোগাযোগ কৰা হৈছে । শ্ৰমিকসকলৰ বাবে আহাৰৰো যোগান ধৰা হৈছে ।

  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue operation: The vertical drilling machine from the upper part of the hill above the tunnel reaches Silkyara Tunnel pic.twitter.com/kKoOtcrN9W

    — ANI UP/Uttarakhand (@ANINewsUP) November 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে পুৱা চিল্কিয়াৰাৰ সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলৰ ভিডিঅ'টো পোহৰলৈ অহাৰ পাছত উদ্ধাৰকাৰী দলবোৰৰ মাজতো উৎসাহ দেখা গৈছে । সমান্তৰালকৈ উদ্ধাৰকাৰী দলেও ক্ষিপ্ৰতাৰে অভিযান অব্যাহত ৰাখিছে । চিল্কিয়াৰা সুৰংগৰ ওপৰৰ পাহাৰৰ পৰা ড্ৰিলিং কৰাৰ বিশেষ ব্যৱস্থা লোৱা হৈছে ।

সুৰংগটোৰ ওপৰত ড্ৰিল কৰিবলৈ ওড়িশাৰ পৰা বৃহৎ পাইপ অনা হৈছে । এই ডাঠ পাইপবোৰ ওড়িশাৰ পৰা সেনাৰ হেলিকপ্টাৰেৰে অনা হৈছে । সেনাৰ হেলিকপ্টাৰে জলিগ্ৰাণ্ট বিমানবন্দৰত ডাঠ পাইপ অৱতৰণ কৰে । তাৰ পাছত পাইপবোৰ জলিগ্ৰাণ্ট বিমানবন্দৰৰ পৰা ৮ খন ট্ৰাকত চিল্কিয়াৰাৰ সুৰংগৰ ওচৰলৈ অনা হৈছে ।

সুৰংগটোৰ ওপৰত ইতিমধ্যে ড্ৰিলিং স্থান চিনাক্ত কৰা হৈছে । উদ্ধাৰকাৰী দলটোৱে সমগ্ৰ অভিযানটো চলাবলৈ সাজু হৈছে । ইয়াৰ পূৰ্বেও ড্ৰিলিং কৰা হৈছিল যদিও মাটি খহি পৰাৰ ফলত সমান্তৰাল ড্ৰিলিং বন্ধ কৰিবলগীয়া হয় । যাৰ বাবে এই উলম্ব ড্ৰিলিঙৰ সিদ্ধান্ত লোৱা হয় ।

লগতে পঢ়ক :উত্তৰাকাশীত যুদ্ধংদেহী তৎপৰতা : আৱদ্ধ শ্ৰমিকসকলৰ বাবে প্ৰেৰণ কৰা হৈছে গৰম খিচিৰি

Last Updated : Nov 21, 2023, 1:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.