ETV Bharat / bharat

কাৰ্গিল বিজয় দিৱসৰ 22 বছৰ: সেনাৰ উদ্যোগত মটৰ চাইকেল ৰেলীৰ আয়োজন

author img

By

Published : Jul 22, 2021, 6:05 PM IST

কাৰ্গিল বিজয় দিৱস(Kargil Vijay Diwas)ৰ 22তম বাৰ্ষিকী উপলক্ষে মটৰ চাইকেল ৰেলীৰ আয়োজন ৷ ভাৰতীয় সেনাৰ নৰ্দাৰ্ণ কমাণ্ডৰ উদ্যোগত এই আয়োজন ৷ লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশীৰ নেতৃত্বত 'ধ্ৰুৱ কাৰ্গিল ৰাইড'ৰ অধীনত ২৫ জন বাইক আৰোহীৰ সৈতে উধমপুৰৰ পৰা ড্ৰাছস্থিত কাৰ্গিল যুদ্ধ স্মাৰকলৈ এই মটৰ চাইকেল ৰেলীৰ আয়োজন ৷

kargil vijay diwas
কাৰ্গিল বিজয় দিৱসৰ 22 বছৰ

নিউজ ডেস্ক, 22 জুলাই : কাৰ্গিল যুদ্ধ(Kargil War)ৰ ২২ বছৰীয়া বিজয় উপলক্ষে ভাৰতীয় সেনাৰ উত্তৰ কমাণ্ডে জম্মু আৰু কাশ্মীৰত দুদিনীয়া কাৰ্যসূচীৰে এক মটৰ চাইকেল ৰেলীৰ আয়োজন কৰিছে ৷ কাৰ্গিল বিজয় দিৱস(Kargil Vijay Diwas)ৰ 22তম বাৰ্ষিকী উপলক্ষে উধমপুৰৰ পৰা ড্ৰাছ(Drass)স্থিত কাৰ্গিল যুদ্ধ স্মাৰক(Kargil War Memorial)লৈ 25 জনীয়া মটৰচাইকেল আৰোহীৰ সৈতে এক ৰেলীৰ আয়োজন কৰা হৈছে ৷ চি নৰ্দাৰ্ণ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ৱাই.কে যোশী( Lt. Gen. Y K Joshi, GOC of the C Northern Command)ৰ নেতৃত্বত এই ৰেলী আৰম্ভ হয় ৷

kargil vijay diwas
কাৰ্গিল বিজয় দিৱসৰ 22 বছৰ

উল্লেখ্য যে, 'কাৰ্গিল বিজয় দিৱস ২০২১'(Kargil Vijay Diwas 2021) উদযাপনৰ অংশ হিচাপে বুধবাৰে জম্মু আৰু কাশ্মীৰৰ উধমপুৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত কাৰ্গিল যুদ্ধৰ নায়কসকলক সন্মান জনোৱাৰ বাবে জম্মু-কাশ্মীৰৰ সূৰ্য বেণ্ডে উধমপুৰৰ নৰ্দাৰ্ণ কমাণ্ডত যোগদান কৰি দেশপ্ৰেম আৰু জাতীয়তাবাদৰ উৎসাহেৰে পৰিপূৰ্ণ এক সংগীতৰ সন্ধিয়া উপহাৰ দিয়ে ৷ উক্ত অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশীকে ধৰি সেনাৰ বহুকেইজন জ্যেষ্ঠ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল উপস্থিত আছিল ৷

লগতে পঢ়ক: Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

কাৰ্গিল সংঘৰ্ষ হিচাপেও জনাজাত কাৰ্গিল যুদ্ধ আছিল ভাৰত আৰু পাকিস্তানৰ মাজত সংঘটিত এক সশস্ত্ৰ যুদ্ধ ৷ 1999 চনৰ মে'ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ কাষত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত এই যুদ্ধ সংঘটিত হৈছিল ৷ 1999 চনৰ 26 জুলাইত ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তানক পৰাস্ত কৰিছিল ৷ তাৰ পাচৰে পৰা অপাৰেচন বিজয়ত অংশ লোৱা প্ৰতিগৰাকী ভাৰতীয় সেনাৰ গৌৰৱ তথা বীৰত্বৰ প্ৰতি সন্মান জনাই 26 জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷

লগতে পঢ়ক: আলফাৰ নাম লৈ কোনে চলাইছে ধন সংগ্ৰহ অভিযান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.