ETV Bharat / bharat

সেনাৰ গোপনীয় তথ্য ISI ক যোগান ধৰি গ্ৰেপ্তাৰ সেনা জোৱান - হাৱালা নেটৱৰ্ক

পোখৰাণ সেনা আধাৰ শিবিৰত এজন ৩৪ বছৰীয়া পাচলি সৰবৰাহকাৰীক এজন সেনা জোৱানে ধনৰ বিনিময়ত গোপনীয় নথিপত্ৰ যোগান ধৰা আৰু সেইবোৰ আন্তঃসেৱা চোৰাংচোৱা (ISI)ক প্ৰদান কৰাৰ অভিযোগত আটক কৰা হৈছে ।

Army man arrested
সেনাৰ গোপনীয় তথ্য ISI ক যোগান ধৰি গ্ৰেপ্তাৰ এগৰাকী সেনা জোৱান
author img

By

Published : Jul 15, 2021, 10:20 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুলাই : ভাৰতীয় সেনাৰ (Indian Army) গোপনীয় তথ্য পাকিস্তানী চোৰাংচোৱাক যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন লোক । দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক দুজনক । অফিচিয়েল চিক্ৰেটছ এক্টৰ অধীনত এজন সেনা জোৱানসহ আন এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । সেনাৰ মুখ্য কাৰ্যালয়ে গোপনীয় তথ্য খিনি সেনাৰ বিশেষ নথি হিচাপে নিশ্চিত কৰে ।

পোখৰাণ সেনা আধাৰ শিবিৰত এজন ৩৪ বছৰীয়া পাচলি সৰবৰাহকাৰীক এজন সেনা জোৱানে ধনৰ বিনিময়ত সংবেদনশীল নথিপত্ৰ যোগান ধৰা আৰু সেইবোৰ আন্তঃসেৱা চোৰাংচোৱা (ISI)ক প্ৰদান কৰাৰ অভিযোগত আটক কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহিছে । উল্লেখ্য যে দিল্লী আৰক্ষীৰ (Delhi police) অপৰাধ শাখাই তথ্য লাভ কৰিছিল যে প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্কিত কিছুমান সংবেদনশীল নথি-পত্ৰ গুপ্তচৰ নেটৱৰ্কৰ জৰিয়তে চুবুৰীয়া দেশলৈ প্ৰেৰণ কৰা হয় । এই তথ্য লাভ কৰাৰ পাছতে বিশেষ অভিযানৰ অন্তত পাচলি সৰবৰাহকাৰী হাবীব খানক মঙলবাৰে দিল্লী আৰক্ষীয়ে ৰাজস্থানৰ পোখৰাণৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

এক সংবাদমেলত বিশেষ আৰক্ষী আয়ুক্ত (অপৰাধ) প্ৰবীৰ ৰঞ্জনে কয় যে তেওঁৰ ওচৰৰ পৰা কিছুমান গোপন নথি উদ্ধাৰ কৰা হৈছে আৰু অফিচিয়েল চিক্ৰেটছ এক্টৰ (Official Secrets act) অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰা হৈছে । অনুসন্ধানৰ সময়ত পোহৰলৈ আহিছে যে পৰমজিৎ নামৰ এজন সেনাৰ লোক এই ঘটনাৰ লিংক মেন আছিল । তেওঁক পূৰ্বে পোখৰাণত নিযুক্তি দিয়া হৈছিল য'ত তেওঁ হাবীবৰ সংস্পৰ্শলৈ আহিছিল যিয়ে তেওঁক গোপন নথিপত্ৰ দিছিল । পৰমজিৎ বৰ্তমান আগ্ৰা কেণ্টত কেৰাণী হিচাপে কৰ্মৰত ।

আৰক্ষীয়ে জনোৱা মতে, হাবীবৰ আত্মীয়সকল পাকিস্তানৰ সিন্ধুত থাকে আৰু তেওঁ সেই দেশলৈ গৈছিল আৰু তাত গুপ্তচৰ ৰেকেটৰ সৈতে জড়িত কিছু লোকক লগ পাইছিল । হাবীবক নথিপত্ৰসমূহ তেওঁলোকক দিবলৈ কোৱা হৈছিল আৰু কামটো কৰাৰ বাবে ধন হাৱালা নেটৱৰ্কৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল । আৰক্ষীয়ে কোৱা মতে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে । ইফালে এই ঘটনাত ব্যৱহৃত একাধিক বেংক একাউণ্ট পোৱা গৈছে ।

লগতে পঢ়ক :জামাত-উল-মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.