ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাজৌৰীত সেনাৰ অপাৰেচন সৰ্বশক্তি

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 1:21 PM IST

জম্মু-কাশ্মীৰৰ ৰাজৌৰী-পুঞ্চ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি । অঞ্চলটোত সন্ত্ৰাসবাদীৰ আক্ৰমণত এতিয়ালৈ নিহত ১২ গৰাকী সেনা জোৱান (Militants attack)। সন্ত্ৰাসবাদীক প্ৰতিহত কৰিবলৈ সেনাৰ অপাৰেচন সৰ্বশক্তি আৰম্ভ ।

Operation Sarvashakti
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাজৌৰীত সেনাৰ অপাৰেচন সৰ্বশক্তি

নেশ্যনেল ডেস্ক,১৫ জানুৱাৰী : জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । অনুচ্ছেদ ৩৭০ বাতিলৰ পাছতো অঞ্চলটোত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ হ্ৰাস হোৱা নাই । বিভিন্ন স্থানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰতো আক্ৰমণ কৰি থকা দেখা গৈছে । এনে পৰিস্থিতিত ভাৰতীয় সেনা তথা নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

ৰাজৌৰী জিলাৰ পুঞ্চ অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণ ঘটনাও বৃদ্ধি হোৱা দেখা গৈছে । এই বৰ্ধিত আক্ৰমণৰ মাজতে সন্ত্ৰাসবাদীক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাই 'অপাৰেচন সৰ্বশক্তি' আৰম্ভ কৰিছে ।

যোৱা বছৰ ৰাজৌৰী আৰু পুঞ্চ অঞ্চলত ভাৰতীয় সেনাৰ ওপৰত সংঘটিত কেইবাটাও আক্ৰমণত জড়িত সন্ত্ৰাসবাদীসকলক ধৰাশায়ী কৰিবলৈ জম্মু-কাশ্মীৰৰ পীৰ পাঞ্জাল ৰেঞ্জৰ দুয়োফালৰ নিৰাপত্তা বাহিনীক অন্তৰ্ভুক্ত কৰি অভিযান সৰ্বশক্তি আৰম্ভ কৰিছে । যিটো অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ১৯ গৰাকী সেনা জোৱান শ্বহীদ হৈছিল ।

পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীসকলক নিশ্চিহ্ন কৰাৰ অভিযানৰ অংশ হিচাপে এই অভিযানত শ্ৰীনগৰস্থিত ১৫ কৰ্পছ আৰু নাগৰোটাস্থিত ১৬ কৰ্পছৰ সেনাই অন্যান্য সংস্থা আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে একেলগে কাম কৰিব । অভিযানটোত সকলো স্তৰৰ চোৰাংচোৱা তথ্য একত্ৰিত কৰা হৈছে আৰু তাৰ অধীনত কাম কৰা হৈছে । ৰাজৌৰী-পুঞ্চ অঞ্চললৈ অতিৰিক্ত বাহিনীও স্থানান্তৰ কৰা হৈছে ।

অপাৰেচন সৰ্বশক্তিৰ অধীনত ঘন জংঘল, পৰ্বত আৰু অঞ্চলটোত থকা গুহাবোৰত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানৰ সন্ধান উলিওৱাত গুৰুত্ব দিয়া হ'ব । কিয়নো সন্দেহ কৰা হৈছে যে ২০২৩ চনত ৰাজৌৰী-পুঞ্চ অঞ্চলত নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলাই থকা সন্ত্ৰাসবাদীসকল সেই অঞ্চলসমূহতে আত্মগোপন কৰি আছে । ইফালে নিৰাপত্তা বাহিনীৰ সূত্ৰৰ মতে জম্মু কাশ্মীৰৰ বেছিভাগ সন্ত্ৰাসবাদীয়ে বিদেশী ।

লগতে পঢ়ক :ভাৰতীয় সেনা দিৱসৰ শুভেচ্ছা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.