ETV Bharat / bharat

Manipur Violence : নিশা ইম্ফলত ভাৰতীয় সেনাৰ ফ্লেগ মাৰ্চ - Manipur fresh clashes

অশান্ত মণিপুৰ । নিতৌ নতুন নতুন স্থানত হিংসাত্মক ঘটনা সংঘটিত হৈছে । ইয়াৰ মাজতে শনিবাৰে নিশা হিংসা প্ৰভাৱিত অঞ্চলত ভাৰতীয় সেনাই ফ্লেগ মাৰ্চ কৰে ।

Manipur Violence
নিশা ইম্ফলত ভাৰতীয় সেনাৰ ফ্লেগ মাৰ্চ
author img

By

Published : Jun 18, 2023, 12:01 PM IST

নেশ্যনেল ডেস্ক,১৮ জুন : মণিপুৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী, অসম ৰাইফলছ আৰু সেনাৰ প্ৰচেষ্টা অব্যাহত আছে । ইয়াৰ মাজতে নিশা ভাৰতীয় সেনাই ইম্ফল উপত্যকাৰ হিংসা প্ৰভাৱিত অঞ্চলত ফ্লেগ মাৰ্চ কৰা দেখা গৈছে । ইফালে, ইম্ফল পূব জিলা প্ৰশাসনে দেওবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সান্ধ্য আইনৰ সময় শিথিল কৰাৰ সিদ্ধান্ত লয় যাতে সাধাৰণ ৰাইজে ঔষধ আৰু খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাত সহায় হয় ।

ইম্ফল পূবৰ জিলা দণ্ডাধীশ খুমানথেম ডায়েনা দেৱীয়ে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি যোৱা ৩ মে'ৰ পৰা জিলাখনত ১৪৪ চিআৰপিচি, ১৯৭৩ ধাৰাৰ অধীনত সান্ধ্য আইন বলবৎ হৈ আছে । কিন্তু দেওবাৰৰ পৰা এই সান্ধ্য আইন কিছু শিথিল কৰা হৈছে । পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত ৰাইজে ঔষধ আৰু খাদ্য সামগ্ৰীসহ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ বাহিৰলৈ যাব পাৰিব ।

সান্ধ্য আইন শিথিল কৰা অঞ্চলবোৰৰ ভিতৰত আছে হাট্টা ক্ৰছিঙৰ পৰা আৰডিএছ ক্ৰছিঙলৈ , ইম্ফল নদীৰ চাঞ্জেনথঙৰ পৰা মিনুথংলৈ, মিনুথংৰ পৰা হাট্টা ক্ৰছিং আৰু আৰডিএছ ক্ৰছিঙৰ পৰা চানজেনথঙলৈ । ৩ মে'ত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছতে মণিপুৰত ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰা হৈছিল । তাৰ পাছত হোৱা হিংসাত ১০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে ।

শুকুৰবাৰে মণিপুৰৰ থংজুত থকা ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) কাৰ্যালয়ত একাংশ লোকে আক্ৰমণ কৰে । ইফালে যোৱা বুধবাৰে মণিপুৰত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে ১০ জনৰো অধিক লোক আহত হৈছিল । ৰাজ্য চৰকাৰে ৰাজ্যখনত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সময় পুনৰ ২০ জুনলৈ বৃদ্ধি কৰিছে ।

যোৱা বুধবাৰে একাংশ দুৰ্বৃত্তই ইম্ফল পশ্চিমত মণিপুৰৰ মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী বাসগৃহ জ্বলাই দিয়াৰ চেষ্টা কৰে । তেওঁৰ ঘৰটো আংশিকভাৱে জ্বলি যায় । ইয়াৰ উপৰিও বহু কেইগৰাকী নেতাৰ বাসগৃহতো দুৰ্বৃত্তই আক্ৰমণ কৰা দেখা গৈছে ।

লগতে পঢ়ক :Manipur violence:মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মোদীৰ মৌনতাক লৈ প্ৰশ্ন মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.