ETV Bharat / bharat

Nagaland civilian killings : সেনাই সম্পূৰ্ণ কৰিলে তদন্ত প্ৰক্ৰিয়া - AFSPA

নাগালেণ্ডত সেনাৰ গুলীবৰ্ষণৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ (Court of Inquiry into Nagaland civilian killings) ৷ এই ঘটনাত যদি কাৰোবাৰ ভুল প্ৰমাণিত হয় তেন্তে, তেওঁৰ বিৰুদ্ধে পদবী অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেঃ জেন ৰাণা প্ৰতাপ কলিতাই ৷

Nagaland civilian killings
Nagaland civilian killings
author img

By

Published : May 17, 2022, 12:09 PM IST

নিউজ ডেস্ক, 17 মে’: নাগালেণ্ডত সেনাৰ গুলীত 12 গৰাকী সাধাৰণ নাগৰিক নিহত হোৱা ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে (Probe of Nagaland firing incident) ৷ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেঃ জেন ৰাণা প্ৰতাপ কলিতাই জানিবলৈ দিয়ে এই কথা ৷ মন জিলাৰ ওটিং বস্তিত উগ্ৰপন্থী বিৰোধী অভিযান চলোৱাৰ সময়তে পৰিচয় বিভ্ৰাটৰ ফলত সেনাৰ গুলীত নিহত হয় 6 জনকৈ শ্ৰমিক ৷ গুলীচালনাৰ পাচতে পৰিস্থিতি উত্তপ্ত হৈ পৰাত পুনৰ গুলীচালনা কৰে সেনাই ৷ ফলত পুনৰ 6 জন লোকৰ মৃত্যু হয় (Nagaland civilian killings)৷

এই ঘটনাৰ পাচতে সমগ্ৰ উত্তৰ-পূৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন উত্তৰ-পূৱৰ পৰা আঁতৰাবৰ বাবেও দাবী উত্থাপন হয় (Demand for repeal of AFSPA) ৷ তাৰ মাজতে সেনাই ক’ৰ্ট অৱ ইনকুৱেৰী আৰম্ভ কৰে ৷ নাগালেণ্ডৰ ৰাজ্য চৰকাৰেও এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰি দিয়ে এটা বিশেষ তদন্তকাৰী দল ৷

‘‘এইটো এটা পৰিচয় বিভ্ৰাট আৰু ভুল বিচাৰৰ ঘটনা ৷ সেনাৰ ক’ৰ্ট অৱ ইনকুৱেৰী ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ইয়াক এতিয়া পৰীক্ষা কৰা হ’ব ৷ আমি বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনো লাভ কৰিছোঁ ৷ দুয়োটা প্ৰতিবেদনেই বিশ্লেষণ কৰা হ’ব ৷’’ সংবাদমেলত এইদৰে কয় সেনা বিষয়া লেঃ জেন কলিতাই ৷

এই ঘটনাত যদি কাৰোবাৰ ভুল প্ৰমাণিত হয় তেন্তে, তেওঁৰ বিৰুদ্ধে পদবী অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সেনা বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, দশকজুৰি উত্তৰ-পূৰ্বাঞ্চলত বলৱৎ হৈ থকা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPAই সেনা বাহিনীক অভিযান চলোৱাত কিছু সহযোগিতা আগবঢ়ায় ৷ কিন্তু আইন নিৰপেক্ষ নাছিল ৷

‘‘কিছুমান এছ অ’ পি অনুসৰণ কৰা উচিত ৷ কেতিয়াবা ইয়াৰ বিচ্যুতি ঘটে ৷ যেতিয়াই বিচ্যুতি ঘটে, ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ এই ঘটনাতো সেনা আইন আৰু ৰাজ্যখনৰ প্ৰয়োজনীয় আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷’’ এই দৰে সংবাদ মেলত সদৰী কৰে লেঃ জেন ৰাণা প্ৰতাপ কলিতাই ৷

ওটিং বস্তিৰ এই ঘটনাৰ পাচৰে পৰা নাগালেণ্ডৰ পৰা AFSPA প্ৰত্যাহাৰৰ বাবে ইতিমধ্যে দাবী উত্থাপন হৈ আহিছে (Demand for repeal of AFSPA in Nagaland) ৷ AFSPA ই নিৰাপত্তা বাহিনীক অভিযান চলাবলৈ আৰু কোনো আগতীয়া ৱাৰেণ্ট অবিহনে যিকোনো লোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা প্ৰদান কৰে ৷ লগতে নিৰাপত্তা বাহিনীৰ লোকে অভিযান কালত যদি কাৰোবাক গুলীয়াই হত্যা কৰে, তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ আৰু গোচৰৰ পৰা মুক্তি দিয়ে ।

নাগালেণ্ডৰ 7 খন জিলাৰ 15 খন থানাৰ অধীনৰ এলেকাৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হৈছে ৷ যোৱা বছৰৰ 4 ডিচেম্বৰত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা সেৱনাৰ এটা দলে ওটিং বস্তিত সন্দেহ বশতঃ গুলী চালনা কৰিছিল এখন শ্ৰমিক ভৰ্তি বাহনত ৷ এই ঘটনাত 6 জন শ্ৰমিক থিতাতে নিহত হয় ৷ ইয়াৰ পাচতেই উত্তেজনাৰ সৃষ্টি হয় অঞ্চলটোত ৷

উত্তেজিত লোকে আছাম ৰাইফছৰ এটা সেনা চাউনীত আক্ৰমণ কৰে ৷ সেনাই এই আক্ৰমণ প্ৰতিহত কৰি পৰিস্থিতি চম্ভালিবলৈ গুলীচলনা কৰিবলৈ বাধ্য হয় ৷ সেনাৰ গুলীত আন 6 জন সাধাৰণ লোক নিহত হয় ৷ এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাত অৱশ্যে এজন সেনা জোৱানো নিহত হয় ৷ এই ঘটনাৰ পাচতে নগালেণ্ড চৰকাৰে SIT গঠন কৰি তদন্ত চলাবলৈ নিৰ্দেশ দিয়ে ৷ সেনাৰ তৰফৰ পৰাও মেজৰ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা তদন্ত চলোৱা হয় ৷ এতিয়া প্ৰতিবেদন বিশ্লেষণৰ পাচতহে এই ঘটনাৰ সমস্ত ৰহস্য ওৰ পৰিব ৷

লগতে পঢ়ক : উত্তৰ-পূৱৰ উগ্ৰপন্থী সমস্যা সমাধানৰ বাটকটীয়া হ’ব পাৰে নগা শান্তি আলোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.