নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে লাডাখত উপস্থিত হৈছে সেনাপ্ৰধান জেনেৰেল মনোজ পাণ্ডে (Army Chief on 2 day Ladakh visit)৷ শনিবাৰে লাডাখত উপস্থিত হৈ পূব লাডাখৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ এক বিস্তৃত পৰ্যালোচনা কৰে সেনাপ্ৰধানগৰাকীয়ে(Army Chief Gen Manoj Pande )৷ গোগ্ৰা-হটস্প্ৰিংছ অঞ্চলৰ টহলদাৰী পইণ্ট 15-ৰ পৰা ভাৰত আৰু চীনা সৈন্যবাহিনীৰ বিছিন্নতাকৰণ প্ৰক্ৰিয়াৰ পাছতেই অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় সেনাপ্ৰধানগৰাকী(Amid disengagement of troops from Patrolling Point 15)৷
সেনাপ্ৰধানগৰাকীয়ে অঞ্চলটোত নিয়োজিত বিষয়া আৰু সৈন্যৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও অনুশীলন 'পাৰ্বত প্ৰহাৰ' পৰিভ্ৰমণ কৰে ৷ এই পৰিভ্ৰমণৰ কালত সেনাপ্ৰধানগৰাকীৰ সন্মুখত আৰ্টিলাৰী গান আৰু অন্যান্য মুখ্য অস্ত্ৰ প্ৰণালীৰ দ্বাৰা কাৰ্যকৰী ক্ষমতা প্ৰদৰ্শন কৰা হৈছিল ৷
লেহ-ভিত্তিক ফায়াৰ এণ্ড ফিউৰী কৰ্পৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল অনিন্দ্য সেনগুপ্তা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে জেনেৰেল পাণ্ডেক পেট্ৰ'লিং পইণ্ট-১৫ত চলি থকা বিচ্ছিন্নতা প্ৰক্ৰিয়াকে ধৰি সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে ৷ সেনাপ্ৰধানগৰাকীয়ে দেওবাৰে চিয়াচেন ভ্ৰমণ কৰাৰ কথা আছে ৷
উল্লেখ্য যে, ভাৰত আৰু চীনৰ সৈন্যবাহিনীয়ে বৃহস্পতিবাৰে পূব লাডাখৰ গোগ্ৰা-হটস্প্ৰিংছ অঞ্চলৰ পেট্ৰ'লিং পইণ্ট-১৫ৰ পৰা বিচ্ছিন্ন হ'বলৈ যোজা কৰিছে বুলি ঘোষণা কৰিছিল ৷ ইফালে লাডাখৰ ডেমচোক আৰু ডেপচাং অঞ্চলৰ অচলাৱস্থা সমাধান কৰিবলৈ ইয়াত এতিয়াও কোনো প্ৰগতি হোৱা নাই । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে (External Affairs Ministry Spokesperson Arindam Bagchi) শুকুৰবাৰে কৈছিল যে সোমবাৰৰ ভিতৰত পেট্ৰ'লিং পইণ্ট-১৫ত বিচ্ছিন্নকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব ।
তাৎপৰ্যপূৰ্ণ যে পাংগং হ্ৰদ অঞ্চলত এক হিংসাত্মক সংঘৰ্ষৰ পাছত ২০২০ চনৰ ৫ মে'ত পূব লাডাখ সীমান্তৰ অচলাৱস্থাৰ সূত্ৰপাত হয় ৷ অশান্ত অঞ্চলটোত দুয়োপক্ষই লাহে লাহে হাজাৰ হাজাৰ সৈন্যৰ লগতে অস্ত্ৰ-শস্ত্ৰৰে তেওঁলোকৰ নিযুক্তিৰ সংখ্যা বৃদ্ধি কৰিছিল ৷ কেইবাটাও সামৰিক আৰু কূটনৈতিক আলোচনাৰ ফলস্বৰূপে দুয়োপক্ষই যোৱা বছৰ পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰত আৰু গোগ্ৰা অঞ্চলত বিচ্ছিন্নতা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷
লগতে পঢ়ক: Rajya Sabha bye election 2022 : CPIM ৰ ভানু লাল সাহাৰ মনোনয়ন দাখিল