ETV Bharat / bharat

Apple WWDC 2023 Event: কেনেকৈ ঘৰতে বহি চাব পাৰিব Apple WWDC Keynote LIVE Event, সবিশেষ জানি লওক

৫ জুনৰ পৰা আৰম্ভ হ’ব Apple WWDC 2023 event, ইয়াত জানি লওক ইয়াৰ সময় আৰু ঘৰতে বহি কেনেকৈ চাব পাৰি এপলৰ ইভেণ্ট লাইভ ৷

Apple WWDC 2023 event starts from June 5, know here the time and how to watch Apple event live sitting at home
কেনেকৈ ঘৰতে বহি চাব পাৰিব Apple WWDC Keynote LIVE Event, সবিশেষ জানি লওক
author img

By

Published : Jun 2, 2023, 4:44 PM IST

আইফোন নিৰ্মাতা এপলৰ আটাইতকৈ ডাঙৰ ইভেণ্ট অতি শীঘ্ৰেই আৰম্ভ হোৱাৰ দিশত । যাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে । এপলৰ এই বাৰ্ষিক অনুষ্ঠানৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে এই বিশ্বব্যাপী ডেভেলপাৰ সন্মিলন ২০২৩ (WWDC 2023) ৰ আলোচনাও তীব্ৰতৰ হৈ পৰিছে । এপলে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানত কোম্পানীয়ে নিজৰ iOS 17 আপডেট 15 ইঞ্চি MacBook Air আৰু AR/VR হেডছেট মুকলি কৰিবলৈ ওলাইছে । যিটো এপল হাবৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত টুইট কৰি প্ৰকাশ কৰা হৈছে (Watch Apple WWDC 2023 Keynote LIVE In India)। গতিকে আমি আপোনালোকক আৰু কওঁ যে, এই অনুষ্ঠানত কি বিশেষ হ’ব আৰু ক’ত লাইভ চাব পাৰিব (Apple Event 2023 Time)।

এই সামগ্ৰীসমূহ আহিব পাৰে

এপলৰ আটাইতকৈ ডাঙৰ ইভেণ্ট WWDC 2023 ত কোম্পানীয়ে ইয়াৰ ব্যৱহাৰকাৰীৰ বাবে শেহতীয়া অপাৰেটিং চিষ্টেম iOS 17, iPadOS 17, macOS 14, watchOS 10 ৰ লগতে tvOS 17 মুকলি কৰিব পাৰিব । ইয়াৰ উপৰিও কোম্পানীটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক নতুন বৈশিষ্ট্যও উপহাৰ দিব পাৰে । আপোনালোকক জনাই দিও যে, এপল হাবে টুইটাৰত নিশ্চিত কৰিছে যে, এই অনুষ্ঠানত কোম্পানীয়ে আগন্তুক আইফোনৰ বাবে নতুন অপাৰেটিং চিষ্টেম iOS 17 প্ৰৱৰ্তন কৰিবলৈ ওলাইছে । যিটো কোম্পানীয়ে বহু পৰিৱৰ্তন আৰু নতুন বৈশিষ্ট্যৰ সৈতে আনিব পাৰে ।

ইয়াৰ উপৰিও মেকবুক এয়াৰো প্ৰৱৰ্তন কৰিব পাৰে । অৱশ্যে কোম্পানীটোৱে বাৰ্ষিক অনুষ্ঠানত 15 ইঞ্চিৰ স্ক্ৰীণযুক্ত নতুন মেকবুক এয়াৰ ছিৰিজ প্ৰথমবাৰৰ বাবে মুকলি কৰিব। প্ৰকাশ পোৱা তথ্য অনুসৰি এই মেকবুক এয়াৰত M2 চিপছেট আৰু নতুন ডিছপ্লে অন্তৰ্ভুক্ত কৰিব পাৰে । এই অনুষ্ঠানত এপলে ৰিয়েলিটি হেডছেটৰো প্ৰৱৰ্তন কৰিব পাৰে । যিটো ৰিয়েলিটি প্ৰ’ নামেৰে লঞ্চ কৰিব পাৰে । যদি ৰিপৰ্টবোৰ বিশ্বাস কৰিব লাগে তেন্তে কোম্পানীটোৱে ৩০০০ ডলাৰ (প্ৰায় ২.৪৮ লাখ টকা) মূল্যৰে নিজৰ মূল্য আনিব পাৰে ।

কেনেকৈ চাপ পাৰিব লাইভ ইভেণ্ট

উল্লেখ্য, এপলৰ আটাইতকৈ ডাঙৰ ইভেণ্ট ৫ জুনৰ পৰা আৰম্ভ হ’ব, যিটো ৯ জুনলৈকে চলিব । ভাৰতৰ সময় অনুসৰি ৫ জুনৰ পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান । ব্যক্তিগতভাৱে এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব । যদিও কোম্পানীয়ে ইয়াৰ লাইভ ষ্ট্ৰীমিঙো কৰি আছে । যিটো আপুনি ঘৰৰ পৰাই কোম্পানীটোৰ অফিচিয়েল ইউটিউব চেনেল এপল ডট কম, এপল ডেভেলপাৰ এপ আৰু এপল টিভি এপত লাইভত চাব পাৰিব ।

লগতে পঢ়ক: About iOS 16 Updates: এপলৰ নতুন চফ্টৱেৰ আপডেট কৰাটো কিয় প্ৰয়োজনীয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.