ETV Bharat / bharat

আজি ড৹ এ পি জে আব্দুল কালামৰ ষষ্ঠ তম মৃত্যু বাৰ্ষিকী - ড৹ এ পি জে আব্দুল কালামj মৃত্যু বাৰ্ষিকী

2015 চনৰ 27 জুলাইত শ্বিলঙস্থিত IIMত এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড৹ এ পি জে আব্দুল কালাম ৷ অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰা কালামে শ্বিলঙৰ হাস্পতালতে শেষ নিঃশ্বাস ত্যাগ কৰে ৷

APJ Abdul Kalam death anniversary
আজি ড৹ এ পি জে আব্দুল কালামৰ ষষ্ঠ তম মৃত্যু বাৰ্ষিকী
author img

By

Published : Jul 27, 2021, 7:54 AM IST

নিউজ ডেস্ক, 27 জুলাই : আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড৹ এ পি জে আব্দুল কালামৰ (APJ Abdul Kalam) ষষ্ঠ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ 2015 চনৰ 27 জুলাইত কালামে শ্বিলঙস্থিত IIMত এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছিল ৷ এই অনুষ্ঠানতে ভাষণ প্ৰদানৰ ঠিক 6 মিনিটমান পিছতেই মঞ্চতেই ঢলি পৰে মিছাইল মেন (Missile Man of India)

তেওঁক তাৎক্ষণিকভাৱে সংকটজনক অৱস্থাত ওচৰৰ বেথনী হাস্পতাল (Bethany Hospital)ৰ ICUত ভৰ্তি কৰোৱা হয় যদিও সন্ধিয়া প্ৰায় 7.54 বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিঃশ্বাস ত্যাগ কৰে কালামে ৷ 2015 চনত 30 জুলাইত ৰামেশ্বৰমৰ পেই কাৰুম্বু পথাৰত (Pei Karumbu Ground)ত কৱৰস্থ কৰা হয় ড৹ এ পি জে আব্দুল কালামক ৷

2002 চনত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত দেশৰ 11তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ড৹ এ পি জে আব্দুল কালাম ৷ তেওঁ 2002ৰ পৰা 2007 চনলৈ দেশৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছিল ৷

ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ পূৰ্বে কালামে প্ৰায় চাৰিটা দশক বৈজ্ঞানিক হিচাপে নিজৰ দক্ষতাৰ পৰিচয় দিছিল ৷ 1998 চনত ভাৰতৰ প্ৰথমটো নিউক্লিয়াৰ পৰীক্ষা পোখৰাণ-2 (Pokhran-II)ৰ সময়ছোৱাতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷ 1981 চনত কালামক ‘পদ্মভূষণ’ (Padma Bhushan) আৰু 1990ত ‘পদ্মবিভূষণ’ (Padma Bibhushan) সন্মানেৰে সন্মানিত কৰা হয় ৷

1997 চনত তেওঁৰ সৰ্বোচ্চ দেশৰ অসমাৰিক সন্মান ‘ভাৰত ৰত্ন’ (Bharat Ratna(ৰে বিভূষিত কৰা হয় ৷

লগতে পঢ়ক- মীৰাবাই চানুলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.