নেচনেল ডেস্ক,7 জুন: বিগত সপ্তাহত কৰ’ণাৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ ফলত অন্ধ্ৰ প্ৰদেশ চৰকাৰে লক ডাউনত শিথিলতা অনাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিছে ৷ সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই এছ জগমোহন ৰেড্ডীৰ অধ্যক্ষতাত অনুষ্ঠিত ক’ভিড পৰ্যালোচনা বৈঠকত আংশিক সান্ধ্য আইন আৰু 10 দিনলৈ বৃদ্ধি কৰিছে ৷
বৰ্তমান ৰাজ্যত বলৱৎ হৈ থকা আংশিক লক ডাউন 10 জুনত সমাপ্ত হোৱাৰ কথা আছিল যদিও 20 তাৰিখলৈ বৃদ্ধি কৰিছে অন্ধপ্ৰদেশ চৰকাৰে ৷ চৰকাৰে পূৰ্বে বলৱৎ কৰা সান্ধ্য আইন দিনৰ 12 বজাৰ পৰা পুৱা 6 বজালৈ জাৰি আছিল ৷ কিন্তু সান্ধ্য আইনত কিছু শিথিলতা আনি দিনৰ 2-6 বজালৈ সান্ধ্য আইন অব্যাহত থাকিব বুলি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
কৰ’ণাৰ দ্বিতীয় ঢৌত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ এয়া চতুৰ্থটো সান্ধ্য আইন ৷ উল্লেখ্য যে, ৰাজ্যখনত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত 5 মে'ৰপৰা 2 সপ্তাহৰ বাবে সান্ধ্য আইন প্ৰযোজ্য কৰিছিল ৷ পৰৱৰ্তী সময়ত চৰকাৰে 31 মে'লৈ বৃদ্ধি কৰে এই সময়সীমা ৷ সংশোধিত সান্ধ্য আইনৰ সময়ত জৰুৰীকালীন সেৱাৰ বাদে সকলো সেৱা বন্ধ থাকিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: শিলচৰত চিকিৎসকৰ ভুলৰ বাবে প্ৰাণ গ'ল নৱজাতকৰ