ETV Bharat / bharat

Crimes against women : "ভগ্নী আৰু কন্যাসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰা লোকক ফাঁচী দিয়া হ’ব": শিৱৰাজ সিং চৌহান

মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত কঠোৰ স্থিতি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ৷ তেওঁ কয় যে বিজেপিক পুনৰ ভোট দিলে মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ কৰা সকলক ফাঁচী দিয়া হ'ব।

Anyone who misbehaves with sisters and daughters will be hanged
"ভগ্নী আৰু কন্যাৰ সৈতে দুৰ্ব্যৱহাৰ কৰা লোকক ফাঁচী দিয়া হ’ব": মুখ্যমন্ত্ৰী
author img

By ANI

Published : Oct 23, 2023, 8:29 AM IST

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: "কন্যা আৰু ভগ্নীসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰাসকলক এৰি দিয়া নহ'ব, তেনেকুৱা লোকসকলক ফাঁচী দিয়া হ’ব ৷ যদি প্ৰয়োজন হয়, তেওঁলোকৰ সম্পত্তি ধ্বংস কৰিবলৈ বুলডোজাৰও চলাব লগা হ’ব পাৰে ৷" এই মন্তব্য প্ৰকাশ কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷

দেওবাৰে মহা অষ্টমীৰ দিনটোত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত কঠোৰ স্থিতি আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে বিজেপিক পুনৰ ভোট দিলে মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ কৰা সকলক ফাঁচী দিয়া হ'ব।

মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিচতে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ পূৰ্বে, কংগ্ৰেছৰ ৰাজ্যিক মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে উজ্জয়িনীত এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল ৷ বৰ্তমানৰ শাসনকালত ৰাজ্যখন "চৌপত প্ৰদেশ" (ধ্বংসপ্ৰাপ্ত ৰাজ্য)লৈ পৰিগণিত হৈছে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিল ৷

লগতে তেওঁ কৈছিল যে, এনে ধৰণৰ বহুতো ঘটনা ঘটিছে , যিসমূহৰ বিষয়ে আমি জ্ঞাত নহয় আৰু কোনোধৰণৰ প্ৰতিবেদন দাখিল কৰা হোৱা নাই ৷ ৰাজ্যখনত এনে ধৰণৰ আৰু বহুতো ঘটনা আছে যাৰ বিষয়ে আমাৰ হাতত তথ্য নাই ৷ বৰ্তমান সময়ত মধ্য প্ৰদেশখন বিধ্বংসী ৰাজ্যলৈ পৰিৱৰ্তিত হৈছে ৷

আনকি, কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাইও পূৰ্বে ৰাজ্যখনৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে, "মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনক ধ্বংসৰ পথলৈ অগ্ৰসৰ কৰিছে । ৰাজ্যখনত ক্ৰমাৎ মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে। কিন্তু তাৰ পিচতে নীৰৱ হৈ আছে চৰকাৰ ৷" কংগ্ৰেছৰ এনে আক্ৰোশমূলক মন্তব্যৰ পিচতেই এতিয়া নাৰী অপৰাধৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক: Mallikarjun Kharge: পাঁচোখন ৰাজ্যতে চৰকাৰ গঠন কৰিব কংগ্ৰেছে; মল্লিকাৰ্জুন খাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.