ETV Bharat / bharat

এন্টিলা বোমাতংক : গাড়ীত টেম্পাৰিঙ বা ভঙা চিঙা হোৱা নাই - ৰিলায়েন্স কোম্পানীৰ মালিক মুকেশ আম্বানি

মুকেশ আম্বানিৰ বাসগৃহৰ কাষত উদ্ধাৰ হোৱা বাহনখনত কোনো ধৰণৰ টেম্পাৰিঙ বা ভঙা চিঙাৰ চিহ্ন পোৱা নাই ৷ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি আম্বানিৰ বাসগৃহৰ কাষত উদ্ধাৰ হোৱা বাহনখনত কোনো ধৰণৰ বল প্ৰয়োগ কৰা হোৱা নাই বা টেম্পাৰিঙো সংঘটিত হোৱা নাই ৷

antilla bomb scare case
এন্টিলা বোমাতংক
author img

By

Published : Mar 12, 2021, 9:33 AM IST

নেচনেল ডেস্ক, 12 মাৰ্চ: ৰিলায়েন্স কোম্পানীৰ মালিক মুকেশ আম্বানিৰ বাসগৃহৰ কাষত উদ্ধাৰ হোৱা বাহনখনত কোনো ধৰণৰ টোম্পাৰিঙ বা ভঙা চিঙাৰ চিহ্ন পোৱা নাই ৷ সূত্ৰ অনুসৰি ফৰেনচিক ৰিপৰ্টৰ মতে স্কৰপিঅ' বাহন খনৰ ওপৰত কোনো ধৰণৰ বল প্ৰয়োগ কৰা হোৱা নাই বা টেম্পাৰিঙো সংঘটিত হোৱা নাই ৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (নিয়া) ই লাভ কৰা ফৰেনচিক ৰিপৰ্টৰ মতে কিছু দিন পূৰ্বে বাহনখনৰ চেচিছ নম্বৰ আৰু ইঞ্জিন নম্বৰ ধ্বংস কৰা হৈছে ৷ উল্লেখ্য যে, 25 ফেব্ৰুৱাৰীত কাৰ্মিকেল পথত বাহনখন উদ্ধাৰ কৰা হৈছিল ৷ ৰিপৰ্টটোৰ মতে, বাহনখনৰ চেচিছ নম্বৰ আৰু ইঞ্জিন নম্বৰ ধ্বংস কৰাৰ বাবে সম্ভৱতঃ গ্ৰিন্দাৰ জাতীয় সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল ৷

জানিব পৰা মতে কিছু ফিংগাৰপ্ৰিন্টৰ লগতে অন্য ফৰেনচিক বিশ্লেষণো নিয়াৰ সৈতে চেয়াৰ কৰা হৈছে ৷ 25 ফেব্ৰুৱাৰীত দক্ষিণ মুম্বাইৰ কাৰ্মিকেল পথত বিস্ফোৰক সামগ্ৰীৰ সৈতে মুকেশ আম্বানিৰ বাসগৃহৰ কাষত উদ্ধাৰ হোৱাৰ পৰিৱৰ্তে গাড়ীখনৰ গৰাকী মনসুখ হিৰেণক বিগত শুকুৰবাৰে থানে জিলাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ বৰ্তমান মহাৰাষ্ট্ৰ এটিএচে সমগ্ৰ ঘটনাক এক হত্যাকাণ্ড হিচাপে তদন্ত কৰি আছে ৷

লগতে পঢ়ক: আম্বানিৰ গৃহত বোমাতংক: পোহৰলৈ ন ন তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.