ETV Bharat / bharat

খাদ্যৰ অভাৱত সমগ্ৰ বিশ্বত প্ৰতি ১ মিনিটত ১১ জন লোকে প্ৰাণ হেৰুৱায়

দৰিদ্ৰতা বিৰোধী সংস্থা অক্সফাম (Oxfam)ৰ মতে, প্ৰতি ১ মিনিটত সমগ্ৰ বিশ্বত ১১ জন লোকৰ মৃত্যু হয় কেৱল খাদ্যৰ অভাৱৰ বাবে । বিগত বৰ্ষত দুৰ্ভিক্ষ সদৃশ পৰিস্থিতি ৬ গুণ বৃদ্ধি পাইছে । মহামাৰী, অৰ্থনৈতিক সংকট, দুৰ্ভিক্ষই জুৰুলা কৰিছে সমগ্ৰ বিশ্বক ।

author img

By

Published : Jul 9, 2021, 12:50 PM IST

Anti poverty organisation Oxfam says 11 people die of hunger each minute around the globe
খাদ্যৰ অভাৱত সমগ্ৰ বিশ্বত প্ৰতি ১ মিনিটত প্ৰাণ হেৰুৱায় ১১ জন লোকে

নেশ্যনেল ডেস্ক, ৯ জুলাই : এমুঠি খাদ্যৰ অভাৱত প্ৰাণ হেৰুৱাবলগীয়া হোৱাতো সঁচাকৈয়ে । পৃথিৱীত এনে বহু মানুহ আছে যি দৰিদ্ৰতাৰ এই চৰম পৰ্যায়ৰ সন্মুখীন হৈছে । এই পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিছে । কাৰোবাৰ দিন ভাললৈ আহিছে আৰু কোনোবাই পেটৰ ভোক সহিব নোৱাৰি চিৰবিদায় মাগিছে । দৰিদ্ৰতা বিৰোধী সংস্থা অক্সফাম (Oxfam)ৰ তথ্য অনুসৰি, বিগত বৰ্ষত বিশ্বত দুৰ্ভিক্ষ সদৃশ পৰিস্থিতি ৬ গুণ বৃদ্ধি পাইছে ।

খাদ্যৰ অভাৱৰ বাবে প্ৰতি ১ মিনিটত সমগ্ৰ বিশ্বত ১১ জন লোকৰ মৃত্যু হৈছে । "দ্য হাংগাৰ ভাইৰাছ মাল্টিপ্লাইজ"( The Hunger Virus Multiplies) শীৰ্ষক এক প্ৰতিবেদনত অক্সফামে বৃহস্পতিবাৰে এই তথ্য প্ৰকাশ কৰিছে । সংস্থাটোৰ মতে, প্ৰতি ১ মিনিটত মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ দুৰ্ভিক্ষৰ ফলত হোৱা মৃত্যুৰ সংখ্যা অধিক হৈছে । ক'ভিড-১৯ (Covid 19)ত আক্ৰান্ত হৈ প্ৰতি ১ মিনিটত ৭ জন লোকৰ মৃত্যু হয় । কিন্তু খাদ্যৰ অভাৱৰ বাবে প্ৰতি ১ মিনিটত সমগ্ৰ বিশ্বত ১১ জন লোকৰ মৃত্যু হয় ।

অক্সফাম আমেৰিকাৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া এবি মেক্সমেনে কয় যে, "এই পৰিসংখ্যাবোৰ অতি আচৰিতজনক । কিন্তু আমি মনত ৰাখিব লাগিব যে, এই পৰিসংখ্যা অকল্পনীয় দুখ-কষ্টৰ সন্মুখীন হোৱা লোকৰ মৃত্যুৰ তথ্য । দুৰ্ভিক্ষৰ বাবে এজন লোকৰ মৃত্যু হোৱাটোও অতি পৰিতাপৰ বিষয়" ।

অক্সফামৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে, বৰ্তমানেও বিশ্বজুৰি ১৫৫ নিযুত লোকে খাদ্য সংকটত ভূগি আছে । ইয়াৰ প্ৰায় দুই-তৃতীয়াংশই দুৰ্ভিক্ষৰ চৰম পৰ্যায়ত উপনীত হৈছে আৰু এই লোকসকলে বাস কৰা দেশত এতিয়া সামৰিক সংঘৰ্ষ চলি আছে । ক'ভিড-১৯ৰ বাবে হোৱা আৰ্থিক সংকট, ধাৰাবাহিকভাৱে হোৱা সংঘৰ্ষ, জলবায়ু সংকট আদিয়ে ৫,২০,০০০ৰো অধিক লোকক অনাহৰে দিন অতিবাহিত কৰিবলৈ বাধ্য কৰাইছে বুলি মেক্সমেন জানিবলৈ দিছে । মহামাৰীসৃষ্টি সংকটৰ সময়তো বহু দেশত ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে বিদ্ৰোহী আৰু চৰকাৰী পক্ষই পৰস্পৰৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে ।

প্ৰাকৃতিক দুৰ্যোগ আৰু অৰ্থনৈতিক সংকটে ইতিমধ্যে লাখ লাখ লোকক ক্ষতিগ্ৰস্ত কৰিছে । অক্সফামে(Oxfam) আফগানিস্তান, ইথিওপিয়া, দক্ষিণ চুদান, ছিৰিয়া আৰু য়েমেনকে ধৰি কেইবাখনো দেশক আটাইতকৈ বেছি খাদ্য সংকটে দেখা দিয়া দেশ হিচাপে তালিকাভুক্ত কৰিছে । এনে দেশবোৰত খাদ্য সংকটক যেন যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে । ফলত সাধাৰণ লোকে খাদ্য আৰু পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

মেক্সমেনে উদ্বেগ প্ৰকাশ কৰি কয় যে, এনেবোৰ দেশ মানুহৰ জীৱনৰো সুৰক্ষা নাই, খাদ্যৰ বাবেও হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কিয়নো, এনেবোৰ দেশত বজাৰত বোমা বিস্ফোৰণ হয়, শস্য নষ্ট কৰা হয় আৰু পশুধন নিধন কৰা হয় । বিবাদৰ পৰিৱৰ্তে খাদ্য সংকটত ভূগি থকা লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰাতো নিশ্চিত কৰিবলৈ দেশসমূহৰ চৰকাৰক আহ্বান জনাইছে সংস্থাটোৱে ।

লগতে দেশসমূহক দুৰ্ভিক্ষ দূৰ কৰাৰ বাবে ৰাষ্ট্ৰসংঘক পুঁজি যোগান ধৰিবলৈও আহ্বান জনায় । ইফালে, মহামাৰীৰ বাবে হোৱা অৰ্থনৈতিক সংকটৰ প্ৰতিক্ৰিয়া স্বৰূপে সমগ্ৰ বিশ্বতে খাদ্য সামগ্ৰীৰ মূল্য ৪০ শতাংশ বৃদ্ধি হৈছে । এই মূল্যবৃদ্ধিয়ে কোটি কোটি লোকক খাদ্য সংকটৰ মাজলৈ ঠেলি দিয়াত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে বুলি উল্লেখ কৰিছে অক্সফামে ।

লগতে পঢ়ক:অলিম্পক অনুষ্ঠিত হোৱা সময়ত টকিঅ'ত কিয় বাহাল থাকিব জৰুৰী অৱস্থা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.