ETV Bharat / bharat

হায়দৰাবাদ আৰক্ষীৰ অভিযানত ২০ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ

author img

By

Published : Jul 14, 2021, 2:22 PM IST

শিশুৱে শ্ৰম কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাচতো একাংশ অসাধু লোকে কণ কণ শিশুক কামত লগোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । হায়দৰাবাদত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিলে ২০ গৰাকী শিশু শ্ৰমিক(child labourer) । মুস্কান-৭ অভিযানৰ অংশ হিচাপে হায়দৰাবাদ আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোট(Anti-Human Trafficking Unit)এ শিশুকেইটিক উদ্ধাৰ কৰে ।

Anti Human Trafficking Unit of the Hyderabad team rescued 20 child labourers from Rachakonda
২০ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰিলে হায়দৰাবাদ আৰক্ষীয়ে

নেশ্যনেল ডেস্ক, ১৪ জুলাই: এতিয়াও একাংশ শিশুৱে বিদ্যালয়ৰ পৰিৱৰ্তে দিনে-নিশাই কাম কৰি আছে কাৰাখানা, হোটেল নাইবা আন কোনো নিৰ্মাণস্থলীত । চৰকাৰে এই ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ পাচতো গা লৰা নাই একাংশৰ । চৰকাৰৰ নিষেধাজ্ঞাৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই কণ কণ শিশুৰ জৰিয়তে কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাইছে একাংশ অসাধু লোকে । শেহতীয়াকৈ হায়দৰাবাদ আৰক্ষীয়ে এনে লোকৰ বিৰুদ্ধে এক অভিযান চলাই শ্ৰমিক হিচাপে কৰ্মৰত বহুকেইটি শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

মঙলবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোট(Anti-Human Trafficking Unit)এ মুস্কান-৭ অভিযানৰ অংশ হিচাপে অভিযান চলাই ২০ গৰাকীকৈ শিশু শ্ৰমিক(child labourer) উদ্ধাৰ কৰে । হায়দৰাবাদৰ ৰাচাকোণ্ডাত মালকাজগিৰি ডিভিজন অ'এম-সপ্তম দল, শ্বী দল মালকাজগিৰি, ডিচিপিইউ, বিবিএ আৰু চাইল্ড লাইনৰ সৈতে মানৱ সৰবৰাহ বিৰোধী গোটে দেৱেন্দৰ নগৰ কলনীস্থিত কৃষ্ণা নামৰ এটা ঔষধ নিৰ্মাণকাৰী কোম্পানী চৌহদত অভিযান চলায় । আৰক্ষীয়ে জনোৱা মতে, এই অভিযানত মুঠ ১০ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ হয় ।

ইয়াৰ ভিতৰত ৪ গৰাকী কিশোৰী আৰু ৬ জন কিশোৰ । উদ্ধাৰ হোৱা শিশুসকলৰ ভিতৰত তিনিগৰাকী উত্তৰ প্ৰদেশৰ, এগৰাকী মহাৰাষ্ট্ৰৰ, তিনিগৰাকী অন্ধ্ৰ প্ৰদেশৰ আৰু তিনিগৰাকী তেলেংগানাৰ । আৰক্ষীয়ে জনোৱা মতে, কোম্পানীটোৰ মালিক গম্বলী মল্লিকাৰ্জুন ৰাওৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ৷ আনহাতে, মহেশ্বৰম চহৰতো ইব্ৰাহিমপত্তনমৰ অ'এম-সপ্তম দল আৰু অন্যান্য বিষয়াসকলে যুটীয়াভাৱে অভিযান চলাই ১০ জন কিশোৰ উদ্ধাৰ কৰে ।

ইয়াৰে দুজন বিহাৰৰ আৰু আঠজনৰ ঘৰ তেলেংগানাত । তেওঁলোকে মটৰচাইকেল মেৰামতিৰ দোকান, ফাষ্ট ফুডৰ দোকান আৰু বেকাৰীত কাম কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে । কিশোৰকেইজনক কাম কৰিবলৈ দিয়া সকলো লোকৰে ওপৰত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে । এয়া মাথোঁ হায়দৰাবাদৰ ঘটনা নহয়, দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও বহু শিশুৱে পাঠ্যপুথিৰ পৰিৱৰ্তে হাতত লৈছে কাম কৰাৰ সঁজুলি । পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাই হওক অথবা কোনো অসাধু লোকৰ চক্ৰান্তত পৰিয়েই হওক, এতিয়াও বহু শিশুৱে কাম কৰিয়েই আছে ।

লগতে পঢ়ক:পুলৱামাত এনকাউণ্টাৰ: এলইটিৰ কামাণ্ডাৰসহ তিনি উগ্ৰপন্থী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.