ETV Bharat / bharat

Another mysterious explosion in Punjab : দেওবাৰে পুৱাই বোমা বিস্ফোৰণত কঁপিল পঞ্জাৱ - দেওবাৰে পুৱাই বোমা বিস্ফোৰণত কঁপিল পঞ্জাৱ

পুনৰ পঞ্জাৱত সংঘটিত হৈছে আন এক বিস্ফোৰণ (Blast at Near Golden Temple) ৷ শনিবাৰৰ বিস্ফোৰণৰ উত্তেজনা মাৰ নৌযাওঁতেই দেওবাৰে পুনৰ পুৱা আন এক বিস্ফোৰণত কঁপিল পঞ্জাৱ (Another mysterious explosion in Punjab)৷

Another mysterious explosion in Punjab
আকৌ বোমা ফুটিল পঞ্জাৱৰত
author img

By

Published : May 8, 2023, 9:12 AM IST

Updated : May 8, 2023, 12:14 PM IST

নেশ্যনেল ডেস্ক, 8 মে’ : আকৌ বোমা বিস্ফোৰণ ৷ পুনৰ বোমা বিস্ফোৰণত কঁপিল পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰ(Golden Temple in Amritsar) ৷ জানিব পৰা মতে, আজি অৰ্থাৎ সোমবাৰে পুৱা প্ৰায় 6 বজাত অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপতে সংঘটিত হয় এক বোমা বিস্ফোৰণৰ ঘটনা (Another mysterious explosion in Punjab) ।

প্ৰাৰ্থমিক তথ্য অনুসৰি, এই বিস্ফোৰণৰ ফলত কোনো ক্ষতি হোৱা নাই ৷ অৱশ্যে মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আয়ুক্তত নৌনিহল সিং । বিগত 24 ঘন্টাৰ ভিতৰত পঞ্জাৱৰ পবিত্ৰ স্বৰ্ণ মন্দিৰৰ সমীপত এইটো দ্বিতীয়টো বিস্ফোৰণ ।

সোমবাৰে হোৱা এই দ্বিতীয়টো বিস্ফোৰণত এজন লোক সামান্য পৰিমাণে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বৰ্তমান পৰ্যন্ত এই বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই (2nd Blast Reported In 24 Hours at Amritsar in In Punjab)। পঞ্জাৱ আৰক্ষীয়ে এই সমগ্ৰ বিষয়টো তন্ন তন্নকৈ পৰীক্ষা কৰি আছে ।

লগতে পঢ়ক : New chief secretary appointed in violence-hit Manipur : ড৹ ৰাজেশ কুমাৰ হৈছে মণিপুৰৰ নৱ নিযুক্ত মুখ্য সচিব

তথ্য অনুসৰি, শনিবাৰে নিশা পঞ্জাৱৰ দৰবাৰ চাহিবৰ সমীপত সংঘটিত বিস্ফোৰণ স্থানতে পুনৰ সোমবাৰে বিস্ফোৰণ সংঘটিত হয় ৷ বিগত 24 ঘন্টাৰ ভিতৰতে একেটা স্থানতে দুটাকে বিস্ফোৰণে শংকিত কৰি তুলিছে এতিয়া পঞ্জাৱৰ অমৃতসৰবাসীক ৷

উল্লেখ্য যে, শনিবাৰে নিশা পঞ্জাৱৰ দৰবাৰ চাহিবৰ সমীপত সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা (Explosion took place near Darbar Sahib) । লগে লগে ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চলটো ৷ এই বিস্ফোৰণৰ ফলত কেবাজনো লোক সামান্য পৰিমাণে আহত হৈছে বুলি জানিব পৰা গৈছে । বিস্ফোৰণৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক : Blast at Near Golden Temple : পঞ্জাৱৰ দৰবাৰ চাহিবৰ সমীপত বিস্ফোৰণ, আহত বহুজন

Last Updated : May 8, 2023, 12:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.