নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ: কৃষি আইনৰ বিৰোধিতা কৰি ভাৰতীয় কিষাণ ইউনিয়নে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এক আবেদন জনাইছে । কৃষক বিৰোধী আইন বাতিলৰ দাবীত বিগত কিছু দিন ধৰি দিল্লীৰ সীমান্তত বিদ্ৰোহ অব্যাহত ৰাখিছে কৃষক সমাজে ।
অধিবক্তা এ পি সিঙৰ জৰিয়তে দাখিল কৰা আবেদনত কোৱা হৈছে যে, 'কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ৩ খনকৈ কৃষি আইন স্বেচ্ছাচাৰী, অসাংবিধানিক আৰু এই আইনে কৰ্প'ৰেটৰ লোভ দেখুৱাই কৃষকক শোষণ কৰিব । কেৱল এয়াই নহয়, এই আইনে কৃষি উৎপাদনৰ পাৰস্পৰিক সম্পৰ্ক আৰু ব্যৱসায়ীকৰণৰ পথ মুকলি কৰিব আৰু কোম্পানীয়ে উৎপাদিত কৃষিজাত সামগ্ৰী ৰপ্তানী কৰি আমাৰ দেশ সম্পূৰ্ণ ৰূপে ধ্বংস কৰিব ।'
চৰকাৰে শেহতীয়াকৈ সংশোধন কৰা ধৰণে এই আইনখন বলৱৎ হ'লে নিয়মবিহীন সমান্তৰাল বজাৰ মুকলিৰ জৰিয়তে কৃষক সমাজৰ বাবে বিপৰ্যয় আনিব আৰু ই ভাৰতীয় কৃষকক শোষণ কৰাৰ বাবে পৰ্যাপ্ত থল হ'ব । ভাৰতীয় কিষাণ ইউনিয়নে জনোৱা আবেদনৰ লগতে কৃষি আইনক প্ৰত্যাহ্বান জনাই ৰুজু কৰাৰ সকলো গোচৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদনখনৰ জৰিয়তে দাবী জনোৱা হৈছে । ইয়াৰ পূৰ্বে তামিলনাডুৰ তিৰুচি শিৱা নামৰ এগৰাকী সাংসদ, ছট্টিশগড়ৰ সাংসদ মনোজ ঝাই সৰ্বোচ্চ ন্যায়ালত আবেদন জনাইছিল ।
লগতে পঢ়ক:পিটিআইৰ ফটো সাংবাদিক আক্ৰমণ ঘটনাৰে জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ